চিটাৰা ডেস্ক,21জুনঃ ছবি পৰিচালক অভিষেক কাপুৰে শেহতীয়াকৈ মুখ খুলিছে সুশান্ত সিং ৰাজপুত সন্দৰ্ভত ৷ 2018 বৰ্ষৰ ছবি কেডাৰনাথ শ্বুটিঙৰ সময়ত অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকল ঠাণ্ডাৰ বাবে যথেষ্ট সমস্যাত পৰিছিল ৷ কিন্তু বহু সমস্যাৰ পিছতো সুশান্ত সিং ৰাজপুতে ছবি নিৰ্মাতা তথা পৰিচালকক অলপো খং বা অভিমান কৰা নাছিল ৷ বিনাদ্বিধায়ে সমস্যা সমূহ আওকান কৰি ছবিৰ শ্বুটিং কৰিছিল অভিনেতাগৰাকীয়ে৷
অভিষেক কাপুৰে অভিনেতাগৰাকীক সুঁৱৰি কয় , ছবিখনত অভিনেত্ৰী চাৰা আলী খানক পিঠিত উঠাই লৈ ফুৰিব লগা হৈছিল সুশান্ত সিঙে ৷ কেতিয়াবা এনে দৃশ্যৰ ৰিটেকো ল'ব লগা হৈছিল , কিন্তু কোনো কাৰণতে এয়া কৰিবলৈ মানা কৰা নাছিল সদ্যপ্ৰয়াত জনপ্ৰিয় অভিনেতা গৰাকীয়ে৷
উল্লেখ্য যে, অভিষেক কাপুৰৰ 2013 চনত কাই পো চে ছবিৰ জৰিয়তে অভিনেতা সুশান্ত সিং ৰাজপুতে বলীউড জগতত পদাৰ্পণ কৰিছিল৷