ETV Bharat / sitara

সুশান্ত আত্মহত্যাৰ তদন্ত: পুনৰ সিদ্ধাৰ্থ পিথানীক জেৰা চিবিআইৰ

author img

By

Published : Aug 24, 2020, 5:08 PM IST

সুশান্ত সিং ৰাজপুতৰ প্ৰতিবেশী সিদ্ধাৰ্থ পিথানীক সোমবাৰে পুনৰ সোধ-পোচ কৰে চিবিআইৰ বিশেষ তদন্তকাৰী দলে ৷ ইয়াৰ পূৰ্বে দিল্লীৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ পাচত বৃহস্পতিবাৰে পিথানীসহ সুশান্তৰ ঘনিষ্ঠ কেইজনমানক সোধ-পোচ কৰিছিল দলটোৱে ৷

CBI calls Siddharth Pithani yet again
পুনৰ সিদ্ধাৰ্থ পিথানীক জেৰা চিবিআইৰ

চিটাৰা ডেস্ক, 24 আগষ্ট: সোমবাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰতিবেশী সিদ্ধাৰ্থ পিথানী উপস্থিত হয় ডিআৰডিঅ’ গেষ্টহাউছত ৷ এই গেষ্টহাউছতে চিবিআইৰ বিশেষ তদন্তকাৰী দল (SIT)য়ে অৱস্থান কৰি আছে ৷ পিথানীৰ মন্তব্যত কিছু বিসংগতি লক্ষ্য কৰি পুনৰ তেওঁক সোধ-পোচ কৰে এছআইটি দলে ৷

সূত্ৰই জনোৱা মতে, দেওবাৰে চিবিআইয়ে সিদ্ধাৰ্থ পিথানীসহ সুশান্তৰ ৰান্ধনী নীৰজ সিং, হাউছ ষ্টাফ দীপেশ শ্বাৱন্তকো সোধ-পোচ কৰিছিল ৷ তেওঁলোকৰ মন্তব্যত কিছু বিসংগতি থকাৰ বাবে দুপৰীয়া 2.30 বজাত তেওঁলোকক বান্দ্ৰাৰ ফ্লেটলৈ লৈ যোৱা হৈছিল ৷ ইয়াৰ পাচতে 13 আৰু 14 জুনৰ ঘটনা সন্দৰ্ভত পৃথক পৃথককৈ সোধ-পোচ কৰে ৷ সুশান্তৰ মৃত্যুৰ দিনা ঘটনাস্থলীত উপস্থিত হোৱা মুম্বাই আৰক্ষীৰ জোৱান এজনো চিবিআই আৰু ফ’ৰেনচিক দলৰ সৈতে এই সোধ-পোচ কাৰ্যত উপস্থিত আছিল ৷

দিল্লীৰ পৰা মুম্বাইত উপস্থিত হোৱাৰ পাচত চিবিআইৰ দলে বৃহস্পতিবাৰে পিথানী আৰু নীৰজক তিনিবাৰকৈ সোধ-পোচ কৰে ৷ কিয়নো চিবিআইয়ে 8ৰ পৰা 14 জুনৰ ভিতৰত বাস্তৱিকতে কি হৈছিল সেই সম্পৰ্কে জনাৰ প্ৰয়াস কৰিছিল ৷ সেই সময়ছোৱাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীয়েও সুশান্তৰ ঘৰৰ পৰা ওলাই গৈছিল আৰু বাকী অভিনেতাসকলে সুশান্তৰ ঘৰলৈ আহ-যাহ কৰিছিল ৷

উল্লেখ্য যে, সুশান্তৰ আত্মহত্যাৰ পাচত ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলৰ মন্তব্যৰ ওপৰতো শীৰ্ষ ফ’ৰেনচিক দলটোৱে সোধ-পোচ কৰিব ৷ বিশেষ তদন্তকাৰী দলৰ সদস্যই প্ৰমাণৰ উপৰিও মুম্বাই আৰক্ষীয়ে কৰা মন্তব্যও যুগুত কৰে ৷

ইয়াৰ পূৰ্বে, দলটোৱে ৱাটাৰষ্টোন ৰিজ’ৰ্ট পৰিদৰ্শন কৰে, য’ত মৃত্যুৰ পূৰ্বে সুশান্তে দুমাহ সময় অতিবাহিত কৰিছিল ৷ সুশান্তে ৰিজ’ৰ্টখনত কিমান সময়ৰ বাবে আছিল সেই সন্দৰ্ভত দলটোৱে দুঘণ্টা সময় তদন্ত কৰা বুলি প্ৰীমিয়াৰ এজেন্সিয়ে জানিবলৈ দিয়ে ৷

আগন্তুক দিনত অতি শীঘ্ৰেই দলটোৱে ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ সদস্যক সোধ-পোচ কৰাৰ কথা উল্লেখ কৰে ৷ আন এক এজেন্সিৰ সূত্ৰই জনোৱা মতে, চিবিআইয়ে সুশান্ত, ৰিয়া আৰু সুশান্তৰ সম্পৰ্কত থকা সকলৰ ফোন কল ৰেকৰ্ড দাখিল কৰাৰো নিৰ্দেশ প্ৰদান কৰিব ৷

চিবিআইয়ে 6 আগষ্টত উচ্চতম ন্যায়ালয়ৰ আদেশানুসাৰে সুশান্তৰ পিতৃ কে.কে সিঙে পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ পৰিপ্ৰেক্ষিতত বিহাৰ চৰকাৰে গোচৰৰ আবেদন জনাইছিল ৷ উক্ত গোচৰ ৰিয়া, তেওঁৰ পিতৃ ইন্দ্ৰজিৎ, মাতৃ সন্ধ্যা, ভাতৃ সৌৱিক, সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদী, বাসগৃহৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল ৷

আনহাতে, প্ৰৱৰ্তন নিৰ্দেশালয় অৰ্থাৎ ইডিয়ে মানি লেণ্ডাৰিঙৰ দিশৰ পৰাও এই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সুশান্ত সিং ৰাজপুত কাণ্ড: চিবিআইৰ তদন্তৰ বাবে DRDOৰ অতিথিশালাত উপস্থিত সিদ্ধাৰ্থ পিথানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.