ETV Bharat / sitara

সমাপ্ত হ'ল এছ এছ ৰাজামৌলীৰ ছবি "RRR" দৃশ্যগ্ৰহণ

অৱশেষত সমাপ্ত হ'ল নাম ঘোষণাৰ সময়ৰে পৰা চৰ্চাত থকা ছবি "RRR" দৃশ্যগ্ৰহণ । শেহতীয়াকৈ এটা ভিডিঅ' শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰা হৈছে "RRR"ৰ অফিচিয়েল টুইটাৰ পেজত । লগতে ছবিখনৰ বাকী থকা কাম পূৰ্ণগতিত চলি আছে বুলিও জানিবলৈ দিছে ছবি নিৰ্মাতাই ।

author img

By

Published : Aug 27, 2021, 11:57 AM IST

SS Rajamouli has completed RRR shooting
সমাপ্ত হ'ল এছ এছ ৰাজামৌলীৰ ছবি "RRR" দৃশ্যগ্ৰহণ

চিটাৰা ডেস্ক, ২৭ আগষ্ট : ছবি নিৰ্মাতা এছ এছ ৰাজামৌলী(SS Rajamouli)ৰ বহু চৰ্চিত ছবি "RRR" দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । তেলেগু ভাষাৰ ছবিখনৰ জৰিয়তে আল্লুৰী সীতাৰাম ৰাজু আৰু স্বাধীনতা সংগ্ৰামী কুমাৰম ভীমৰ কৰ্মৰাজিক কাল্পনিক কাহিনীৰ ৰহন দিয়া হৈছে । এনটি ৰামা ৰাও জুনিয়ৰ আৰু ৰাম চৰণে ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে । বৃহস্পতিবাৰে "RRR"ৰ অফিচিয়েল টুইটাৰ পেজত নিৰ্মাতাই ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে ।

কেইটামান পিক আপ শ্বটৰ বাহিৰে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে । ২০১৮ চনৰ ১৯ নৱেম্বৰত এনটি ৰামা ৰাও জুনিয়ৰ আৰু ৰাম চৰণৰ বাইকেৰে অহা শ্বটেৰে দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছিল আৰু এতিয়া একেদৰে বাইকেৰে অহা শ্বটেৰেই দৃশ্যগ্ৰহণ সমাপ্ত কৰা হয় । দৃশ্যগ্ৰহণৰ পৰৱৰ্তী কামবোৰ দ্ৰুত গতিত আগবাঢ়িছে বুলিও নিৰ্মাতাই জানিবলৈ দিয়ে । আনহাতে, আন এটা পোষ্টত, ছবি নিৰ্মাতাই ৰাম চৰণ আৰু এনটি ৰামা ৰাও জুনিয়ৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে ।

এই ভিডিঅ'টোত দুয়োকে নিজ নিজ বাহনেৰে দৃশ্যগ্ৰহণস্থলীৰ পৰা ওলাই যোৱা দেখা গৈছে । উল্লেখ্য যে, ২০১৮ চনৰ নৱেম্বৰতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল যদিও ২০২০ চনৰ মাৰ্চ মাহত কৰ'ণা মহামাৰীৰ বাবে দৃশ্যগ্ৰহণ বন্ধ হৈ যায় ।

পিছত অক্টোবৰ মাহত দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰা হৈছিল । তাৰ পিছত ২০২১ চনৰ মে' মাহত পুনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হয় । তেলেংগানা চৰকাৰে ৰাজ্যখনত লকডাউন শিথিল কৰাৰ পিছত ২১ জুনৰ পৰা পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ হয় ।

"RRR" ছবিৰ নিৰ্মাতাই দলটোৱে চলিত মাহৰ আৰম্ভণিতে বহু চৰ্চিত পিৰিয়ড একচন ছবিখনৰ অন্তিম অংশৰ দৃশ্যগ্ৰহণৰ বাবে ইউক্ৰেইনলৈ গৈছিল । ছবিখনত দক্ষিণ ভাৰতৰ তাৰকাৰ উপৰিও বলীউড তাৰকা অজয় দেৱগন আৰু আলিয়া ভাটে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে । ছবিখন ১৩ অক্টোবৰত মুক্তি দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:'শ্বেৰশ্বাহ': কংগনা ৰাণাৱটে প্ৰশংসাৰে ওপচালে কৰণ জোহৰক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.