ETV Bharat / sitara

Aryan Khan Drug case : আৰিয়ান খানৰ বিৰুদ্ধে পোৱা নগ’ল কোনো প্ৰমাণ - আৰিয়ান খানৰ বিৰুদ্ধে পোৱা নগ’ল কোনো প্ৰমাণ

কিছুদিন পূৰ্বে সংবাদ মাধ্যম আলোড়িত কৰিছিল কিং খান শ্বাহৰুখ তনয় আৰিয়ান খান ড্ৰাগছৰ গোচৰত জড়িত থকাৰ বিষয়টোৱে ৷ এনচিবিয়ে উত্থাপন কৰা এই গোচৰ সন্দৰ্ভত এছ আই টি-য়ে দাখিল কৰা প্ৰতিবেদনত আৰিয়ান খানৰ দেহত পোৱা নগ’ল কোনো ড্ৰাগছৰ উপস্থিতি (NCB SIT report on Aryan Khan drug case) ৷ খবৰটোৱে খান পৰিয়াললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷

Aryan Khan Drug case
ড্ৰাগছ কেছত পোৱা ন’গল আৰিয়ান খানৰ বিৰুদ্ধে কোনো প্ৰমাণ
author img

By

Published : Mar 2, 2022, 1:02 PM IST

চিটাৰা ডেস্ক, 2 মাৰ্চ : বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে অতি সোনকালেই ড্ৰাগছৰ গোচৰত ক্লীনশ্বিট লাভ কৰিব পাৰে । কাৰণ নাৰ্ক’টিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ বিশেষ দল এছআইটিয়ে আৰিয়ান খানৰ বিৰুদ্ধে কোনো সন্দেহজনক প্ৰমাণ লাভ নকৰিলে (Shahrukh son Aryan Khan involved in drug case) ।

এছআইটিয়ে জনাইছে যে, আৰিয়ান খান কোনো ড্ৰাগছ ষড়যন্ত্ৰ বা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চিণ্ডিকেটৰ অংশ নাছিল । এই ক্ষেত্ৰত, এনচিবিৰ মুম্বাই গোটৰ স্থাপিত এছ আই টি-য়ে কিছুমান তথ্য প্ৰকাশ কৰিছে (NCB report on Aryan Khan drug case) । এই তথ্যবোৰত উল্লেখ আছে যে ড্ৰাগছৰ গোচৰত আৰিয়ান খানৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই (Aryan khan free from drug case) ।

Aryan Khan
ড্ৰাগছ কেছত পোৱা ন’গল আৰিয়ান খানৰ বিৰুদ্ধে কোনো প্ৰমাণ

আৰিয়ানৰ হোৱাটছ এপত তেওঁ আন্তৰ্জাতিক ড্ৰাগছ ৰেকেটৰ অংশ আছিল বুলি প্ৰমাণ কৰিবলৈ একো তথ্য পোৱা ন’গল । এনচিবি মেনুৱেলত প্ৰয়োজনীয় বুলি বিবেচনা কৰা কোনো ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিঙো নোপোৱা বুলি এছ আই টি-য়ে উল্লেখ কৰিছে ৷

উল্লেখ্য যে, ২ অক্টোবৰৰ নিশা মুম্বাইৰ পৰা গোৱালৈ যাত্ৰা কৰা এখন ক্ৰুজত চলি থকা ড্ৰাগছৰ পাৰ্টীৰ সন্দৰ্ভত এনচিবিয়ে অভিযান চলাই আৰিয়ান খানকে ধৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছত আৰিয়ান খান মুম্বাইৰ আৰ্থাৰ ৰ’ড কাৰাগাৰত 20 দিনৰো অধিক সময় বন্দী হৈ আছিল ।

আৰিয়ান খানৰ অধিবক্তাই মুম্বাই উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন দাখিল কৰে ৷ মুম্বাই উচ্চ ন্যায়ালয়ে ২৮ অক্টোবৰত আৰিয়ান খানক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে । আদালতে আৰিয়ান খানক দেশ এৰি নাযাবলৈ আৰু বাকী অভিযুক্তসকলক লগ নকৰিবলৈ চৰ্ত প্ৰদান কৰিছিল ৷

তদুপৰি আৰিয়ান খানৰ পাছপ’ৰ্ট এনচিবিয়ে জব্দ কৰিছিল । ড্ৰাগছৰ গোচৰৰ প্ৰাৰম্ভিক পৰ্যায়ত আৰিয়ান খানক প্ৰতি শুকুৰবাৰে এনচিবিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছিল ।

লগতে পঢ়ক: আত্মপ্ৰকাশৰ বাবে সাজু বলিউদৰ বাদশ্বাহ তনয় আৰিয়ান খান !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.