চিটাৰা ডেস্ক,১৭ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত বলীউডৰ অভিনেতা চনু চুড । প্ৰতিষেধক গ্ৰহণ কৰাৰ এসপ্তাহ পাচতে কৰ'ণাত আক্ৰান্ত হয় অভিনেতাগৰাকী । যোৱা ৭ এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰৰ এখন চিকিৎসালয়ত চনু চুডে গ্ৰহণ কৰিছিল কৰ'ণাৰ প্ৰতিষেধক । তেওঁ কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা টুইটাৰযোগে ৰাজহুৱা কৰে । যদিও তেওঁ কৰ'ণাত আক্ৰান্ত প্ৰয়োজনীয় কাম-কাজসমূহ অব্যাহত ৰাখিব বুলিও কয় । সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে অভিনেতা গৰাকী ।
- — sonu sood (@SonuSood) April 17, 2021 " class="align-text-top noRightClick twitterSection" data="
— sonu sood (@SonuSood) April 17, 2021
">— sonu sood (@SonuSood) April 17, 2021
উল্লেখ্য যে, বিগত বৰ্ষত অতিমাৰীৰ কালচোৱাত দেশজুৰি বাহাল থকা লক ডাউনৰ সময়ত অভিনেতাগৰাকীয়ে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ উভতিবলৈ সহায় কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ।
লগতে পঢ়ক: এক ভিলেইন ৰিটাৰ্ণছৰ দৃশ্যগ্ৰহণত ব্যস্ত অৰ্জুন-তাৰা