চিটাৰা ডেস্ক,10 অক্টোবৰ: লক ডাউনৰ সময়ছোৱাত বহিঃৰাজ্যৰ শ্ৰমিকসকলক নিজ গৃহ জিলালৈ পঠিয়াই ৰিয়েল হিৰ’লৈ পৰিণত হৈছে বলিউডৰ ৰিল লাইফ ভিলেইন খ্যাত চনু চুড ৷ লক ডাউনৰ পাচতো দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াই আছে অভিনেতা চনু চুডে ৷
ইয়াৰ এক মুখ্য এক উদাহৰণ হৈছে য়াকুব নামৰ লোকজন ৷ এইমছ হাস্পতালত চিকিৎসাধীন হৈ থকা য়াকুবক শৈল্য চিকিৎসাৰ বাবে সম্পূৰ্ণ বিত্তীয় খৰচ বহন কৰে চনু চুডে ৷
উল্লেখ্য যে,বিগত চাৰি বছৰ ধৰি বিচনাৰ পৰা উঠিব পৰা নাছিল ৷ কিন্তু শৈল্য চিকিৎসাৰ পাচত তেওঁ সম্পূৰ্ণৰূপে চলা-ফুৰা কৰিব পৰা হৈছে ৷ এইমছৰ সহকাৰী অধ্যক্ষ ড৹ অমৰিন্দৰ সিঙে জনোৱা মতে,অভিনেতা গৰাকীৰ প্ৰচেষ্টাত য়াকুবে আজি এক নতুন জীৱন দান লাভ কৰিছে ৷
লগতে পঢ়ক: অ’টিটি প্লেটফ’ৰ্মৰ পাচত ছবিগৃহলৈ আহি আছে ‘পিএম নৰেন্দ্ৰ মোদী’