ETV Bharat / sitara

সময়ে ক’ব : কাৰ্যালয়ত আয়কৰৰ অভিযান সন্দৰ্ভত মুখ খুলিলে চনু চুডে

author img

By

Published : Sep 20, 2021, 1:43 PM IST

"সকলো সময়তে আপুনি নিজৰ কাহিনীভাগ কোৱাৰ প্ৰয়োজন নাথাকে ৷ সময়ে ক’ব ৷ মই মোৰ সকলে সামৰ্থ আৰু অন্তৰেৰে ভাৰতীয় লোকসকলৰ সেৱাত নিজকে ব্ৰতী কৰিছো ৷ মোৰ ন্যাসৰ প্ৰতিটো ধনৰাশিয়েই আৰ্তজনৰ জীৱন সুৰক্ষিত কৰাৰ বাবে অপেক্ষা কৰি আছে" ৷ অৱশেষত নিজৰ ন্যাসৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান সন্দৰ্ভত মুখ খুলিলে অভিনেতা চনু চুডে ৷

Sonu Sood breaks his silence on I-T raid controversy
সময়ে ক’ব : নিজৰ কাৰ্যালয়ত আয়কৰৰ অভিযান সন্দৰ্ভত মুখ খুলিলে চনু চুডে

চিটাৰা ডেস্ক, 20 ছেপ্তেম্বৰ : নিজৰ ন্যাসৰ কাৰ্যালয়ত কিছুদিন পূৰ্বে আয়কৰ বিভাগে চলোৱা অভিযান সন্দৰ্ভত মুখ খুলিলে অভিনেতা চনু চুডে ৷ কৰ’ণাৰ সময়ত নিজৰ দাতব্য ন্যাসৰ দ্বাৰা বিভিন্নজনক সহায় আগবঢ়োৱা চনু চুডে সোমবাৰে সামাজিক মাধ্যমৰ জৰিয়তে আয়কৰ বিভাগৰ এই অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ লিখে যে, "সকলো সময়তে আপুনি নিজৰ কাহিনীভাগ কোৱাৰ প্ৰয়োজন নাথাকে ৷ সময়ে ক’ব ৷ মই মোৰ সকলো সামৰ্থ আৰু অন্তৰেৰে ভাৰতীয় লোকসকলৰ সেৱাত নিজকে ব্ৰতী কৰিছো ৷ মোৰ ন্যাসৰ প্ৰতিটো ধনৰাশিয়েই আৰ্তজনৰ জীৱন সুৰক্ষিত কৰাৰ বাবে নিজৰ পালৰ অপেক্ষা কৰি আছে" ৷

  • “सख्त राहों में भी आसान सफर लगता है,
    हर हिंदुस्तानी की दुआओं का असर लगता है” 💕 pic.twitter.com/0HRhnpf0sY

    — sonu sood (@SonuSood) September 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে লিখে যে, মই বিভিন্ন ব্ৰেণ্ডসমূহকো মোৰ বাবে অনুমোদিত ধনৰাশি মানৱ সেৱাৰ বাবে দান কৰিবলৈ উৎসাহিত কৰো, ইয়ে আমাক আগুৱাই যোৱাত সহায় কৰে ৷

‘মই যোৱা 4 দিন ধৰি কেইগৰাকীমান আলহীৰ সৈতে ব্যস্ত আছিলো, যাৰ বাবে মই আপোনালোকৰ সেৱাৰ বাবে উপস্থিত হ’ব পৰা নাছিলো ৷ মই আকৌ সম্পূৰ্ণ নম্ৰতাৰে আপোনালোকৰ কাষলৈ উভতি আহিছো, গোটেই জীৱন আপোনালোকক সেৱা কৰিবলৈ’ পোষ্টটোৰ শেষত এনেদৰে কয় চনু চুডে ৷

আয়কৰ বিভাগৰ মতে, চনু আৰু তেওঁৰ সহযোগীসকল বিদেশৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ সময়ত 20 কোটি টকাৰ কৰ ফাঁকি আৰু বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ) উলংঘনৰ সৈতে জড়িত আছিল । ইয়াৰ উপৰিও তথ্য আৰু প্ৰযুক্তি বিভাগে ক’ভিডৰ দ্বিতীয় প্ৰবাহৰ সময়ত স্থাপিত এক দাতব্য সংস্থা ‘চুড চেৰিটি ফাউণ্ডেচন’ৰ দ্বাৰা FCRA উলংঘনৰ অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ তদন্ত এতিয়াও চলি আছে ৷

লগতে পঢ়ক : পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.