চিটাৰা ডেস্ক, 29 মে’: শুকুৰবাৰে অভিনেতা চনু চুডে মুঠ 169 গৰাকী যুৱতীক কেৰালাৰ পৰা উড়িষ্যাৰ নিজ গৃহ জিলালৈ যোৱাত সদায় কৰাৰ কথা চৰ্চালৈ আহিছে ৷ এখন বিশেষ বিমানেৰে অভিনেতা চনু চুডে যুৱতীসকলক নিজ ঘৰলৈ পঠিয়ায় ৷ উল্লেখ্য যে, কৰ্মসূত্ৰে কেৰালাত থকা যুৱতীকেইগৰাকীয়ে এটা বস্ত্ৰ কাৰখানাত কাম কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কেইদিনমান পূৰ্বে অভিনেতাগৰাকীয়ে বাছেৰে বিভিন্ন ঠাইৰ শ্ৰমিকক তেওঁলোকৰ নিজ গৃহ জিলালৈ উভতি যোৱাত সহায় কৰিছিল ৷
ভুৱনেশ্বৰত থকা অভিনেতা চনু চুডৰ বান্ধৱী নীতি গোৱেলে যুৱতীকেইগৰাকীৰ সমস্যাৰ কথা অৱগত কৰিছিল আৰু তাৰ পিছতে তেওঁ যুৱতীকেইগৰাকীক সহায় কৰাৰ সিদ্ধান্ত হাতত লয় ৷ চনু চুডৰ এই উপকাৰত সকলোৱে তেওঁক প্ৰশংসা কৰাৰ উপৰিও ৰাজ্যসভাৰ সাংসদ অমৰ পাটনায়কে অভিনেতাগৰাকীৰ এই সহায়ৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: ডিজিটেল প্লেটফ’ৰ্মত চিৰিজ মুকলিক লৈ মুখ খুলিলে অভিনেতা পংকজ ত্ৰিপাঠীয়ে