চিটাৰা ডেস্ক,2 মে'ঃ শ্ৰেয়া ঘোষালক সকলোৱে জানে কন্ঠশিল্পীৰূপে, কিন্তু কম সংখ্যকেহে জানে যে তেওঁ এগৰাকী সংগীতকাৰো ৷
ভাৰতত কৰ'ণা ত্ৰাসৰ বাবে হোৱা লক্ ডাউনৰ পূৰ্বে মাৰ্চ মাহত মুক্তি দিছিল শ্ৰেয়া ঘোষালে নাহ ৱহ মে শীৰ্ষক গীতটিৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
শ্ৰেয়াই জনাই যে, " মই গীতটো অলপ পলমকৈ মুকলি কৰাৰ কথা আছিল কিন্তু মই কিমান দিনলৈ লক্ ডাউন চলিব সেয়া নিশ্চিতকৈ নাজানো বাবেই গীতটো আগতীয়াকৈ YouTubeৰ যোগেৰে মুক্তি দিলোঁ ৷ এই গীতটো মই আৰু মোৰ ভাতৃয়ে মিলি ৰচনা কৰিছিলোঁ ৷ "
লগতে তেওঁ জনাই যে, শ্ৰেয়াই এই লক্ ডাউনৰ সময়ছোৱাত তেওঁৰ YouTube চেনেলৰ বাবে বিভিন্ন বিষয়বস্তু সৃষ্টি কৰাত ব্যস্ত হৈ আছে ৷
ইয়াৰোপৰি তেওঁ এই কঠিন সময়ত ভাৰ্ছুৱেল সংগীতানুষ্ঠানবোৰ কৰি নিজৰ মাজৰ কলাকাৰ গৰাকীক সজীৱ কৰি ৰাখিছে বুলিও জানিবলৈ দিছে ৷
কেৱল সেয়াই নহয় লক্ ডাউনৰ সময়ছোৱাত শ্ৰেয়া ঘোষালৰ ৰন্ধনশৈলী পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে ৷ বহুকেইখন সুস্বাদু ব্যঞ্জন ৰান্ধিবলৈ শিকিছে বুলি জানিবলৈ দিছে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷
লক্ ডাউনৰ সময়ত নিতৌ বাতৰি চাই আছে শ্ৰেয়াই ,লগতে নিজৰ সাধ্যানুসাৰে মানুহক সহায় কৰাৰ প্ৰয়াস কৰি আহিছে ৷