চিটাৰা ডেস্ক, ২৩ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ । বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত মৃত্যু হয় ৰাথোড়ৰ । মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ । পিতৃৰ বিয়োগৰ খবৰ পুত্ৰ সঞ্জীৱ ৰাথোড়ে ছচিয়েল মিডিয়াযোগে সকলোকে অৱগত কৰে । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে শ্ৰৱণ ৰাথোড়ক সোমবাৰে মুম্বাইৰ এছ এল ৰহেজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কৰ'ণাত আক্ৰান্ত হোৱাৰ পূৰ্বে শ্ৰৱণ ৰাথোড় কুম্ভ মেলাৰ পৰা উভতি আহিছিল । শ্ৰৱণ ৰাথোড় আৰু তেওঁৰ পত্নী গৈছিল হৰিদ্বাৰৰ কুম্ভ মেলালৈ । এই কথা জনায় পুত্ৰ সঞ্জীৱ ৰাথোড়ে ।
লক্ষ্যণীয় বিষয় যে, শ্ৰৱণ ৰাথোড়ৰ পত্নী, পুত্ৰ সঞ্জীৱ ৰাথোড় আৰু সঞ্জীৱৰ ভাতৃও আক্ৰান্ত কৰ'ণাত । সঞ্জীৱৰ ভাতৃ হোম আইচলেছনত থকা হেতুকে পিতৃৰ অন্তিম সংস্কাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ।
তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অজস্ৰ গুণমুগ্ধৰ লগতে সাংস্কৃতিক জগতৰ কেইবাগৰাকী তাৰকাই শোক প্ৰকাশ কৰে । ছবি নিৰ্মাতা কুনাল কোহলীয়েও টুইটাৰযোগে শোক ব্যক্ত কৰি কয় যে তেওঁৰ মৃত্যুৰ বাতৰিয়ে যথেষ্ঠ মৰ্মাহত কৰিছে । হিন্দী চলচ্চিত্ৰত সংগীতৰ এক গৌৰৱময় অধ্যায়ৰ সমাপ্তি ঘটিল । উল্লেখ্য যে, ৯০ দশকৰ সংগীতজ্ঞ আছিল শ্ৰৱণ ৰাথোড় ।
নাদিম চৈফি আৰু শ্ৰৱণ ৰাথোড় যাক নাদিম-শ্ৰাৱণ বুলি জনা গৈছিল । নাদিম-শ্ৰাৱণে ১৯৯০ চনত আশ্বিকীৰ জৰিয়তে সাংস্কৃতিক জগতত প্ৰৱেশ কৰি পৰৱৰ্তী ১৯৯১ চনত চাজন, ১৯৯৩ চনত হাম হে ৰহি প্যাৰ কে, ১৯৯৭ চনত পৰদেশ আৰু ১৯৯৬ চনত ৰাজা হিন্দুস্তানীৰ লগতে বহুতো জনপ্ৰিয় ছবিৰ সংগীত ৰচনা কৰিছিল ।