ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ - raj kundra and ryan thorpe bail plea rejected

শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পৰ জামিন আবেদন খাৰিজ ৷ মুম্বাইৰ Esplanade আদালত(Esplanade Court)এ পৰ্ণগ্ৰাফী গোচৰত অভিযোগত ৰাজ কুন্দ্ৰা(Raj Kundra) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্প(Ryan Thorpe)ৰ জামিন আবেদন খাৰিজ কৰিছে ৷

raj kundra bail plea rejected by court
ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ
author img

By

Published : Jul 28, 2021, 4:30 PM IST

চিটাৰা ডেস্ক, 28 জুলাই: মুম্বাইৰ Esplanade আদালত(Esplanade Court)এ পৰ্ণগ্ৰাফী গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰা(Raj Kundra) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্প(Ryan Thorpe)ৰ জামিন আবেদন খাৰিজ কৰিছে ৷ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ পত্নী, বলিউদৰ অভিনেত্ৰী শিল্পা ছেট্টীকো অপৰাধ শাখাই প্ৰায় 6 ঘন্টা ধৰি জেৰা কৰিছিল ৷ অপৰাধ শাখাৰ জেৰাত অভিনেত্ৰীগৰাকীয়ে তেওঁ পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ সন্দৰ্ভত মুঠেও জ্ঞাত নাছিল বুলি দাবী কৰাৰ লগতে তেওঁৰ স্বামী নিৰ্দোষী বুলিও দাবী কৰিছিল ৷

লগতে পঢ়ক: পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

অভিনেত্ৰীগৰাকীৰ স্বামীয়ে নিজৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি কৰাৰ দাবী কৰি মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সমান্তৰালকৈ এক সংবাদমেলযোগে মুম্বাইৰ যুটীয়া আৰক্ষী আয়ুক্ত(অপৰাধ) মিলিন্দ ভাৰম্বেই এই ঘটনাত অভিনেত্ৰীগৰাকী জড়িত নহয় বুলি সদৰী কৰিছিল ৷ ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত এটা হোৱাটছৱেপ গ্ৰুপৰ চেটৰ পৰা লোৱা প্ৰিন্টআউটৰ ফটো ভাইৰেল হৈ পৰিছিল ৷ উক্ত গ্ৰুপটোৰ এগৰাকী সদস্য অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা বুলি একাংশই দাবী উত্থাপন কৰিছিল ৷ প্ৰিন্টআউটৰ ফটোবোৰে আনকি অশ্লীল ছবি নিৰ্মাণৰ জৰিয়তে আহৰণ কৰা ৰাজহৰ লগতে উক্ত ধনৰ লেনদেন কিদৰে হৈছিল তাৰো ষ্পষ্ট প্ৰমাণ দাঙি ধৰিছে ৷

লগতে পঢ়ক: ৰাজ কুন্দ্ৰাই Bigg Boss ৰ প্ৰতিযোগীসকলক লক্ষ্য কৰি লৈছিল : সাগৰিকা সুমনৰ অভিযোগ

পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণৰ ঘটনাই তোলপাৰ লগাই থকাৰ সময়তে মুম্বাই আৰক্ষীয়ে অন্য এক আশ্চৰ্যকৰ তথ্য প্ৰকাশ কৰিছে ৷ মুম্বাই আৰক্ষীৰ দাবী অনুসৰি, ৰাজ কুন্দ্ৰা আৰু তেওঁৰ ভাতৃ প্ৰদীপ বক্সী হৈছে ভাৰত আৰু ব্ৰিটেইনস্থিত তেওঁলোকৰ সমল প্ৰযোজনা কোম্পানীৰ জৰিয়তে পৰিচালিত এক আন্তঃৰাষ্ট্ৰীয় পৰ্ণ ফিল্ম ৰেকেটৰ মাষ্টাৰমাইণ্ড ৷ উল্লেখ্য যে, হটশ্বটছ এপ হৈছে বিশ্বৰ প্ৰথমটো 18 প্লাছ এপ ৷ যুটীয়া আৰক্ষী আয়ুক্ত ভাৰম্বেই জানিবলৈ দিয়া মতে, এই এপটোক এপ'ল আকু গুগল প্লে ষ্টোৰ দুয়োটাতে ইয়াৰ আপত্তিজনক সমলৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷

লগতে পঢ়ক: 6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.