ETV Bharat / sitara

‘কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ ?’ ৰাজলৈ শিল্পাৰ প্ৰশ্ন

author img

By

Published : Jul 27, 2021, 2:05 PM IST

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ মুম্বাইস্থিত বাসগৃহত তালাচী চলোৱাৰ সময়ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৰাজ কুন্দ্ৰাকো লগত লৈ গৈছিল । কিন্তু অপৰাধ শাখাই অভিযান চলাই থকাৰ মাজতে তৰ্কা-তৰ্কিত আৰম্ভ হয় ৰাজ আৰু শিল্পাৰ । শিল্পাই চিঞৰি চিঞৰি ৰাজক প্ৰশ্ন কৰে যে, কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ আৰু কিয় তেওঁ এই কাম কৰিলে । আনহাতে, আৰক্ষীৰ জেৰাত শিল্পাই কয় যে, ৰাজ কুন্দ্ৰাৰ এইবোৰৰ কামৰ বিষয়ে তেওঁ জ্ঞাত নাছিল ।

Shilpa was very upset after Crime Branch interrogation
অপৰাধ শাখাৰ অভিযানৰ সময়ত আবেগিক হৈ পৰিল শিল্পা ছেট্টী

চিটাৰা ডেস্ক, ২৭ জুলাই: মুম্বাই আৰক্ষীৰ (Mumbai Police) অপৰাধ শাখাৰ জেৰাৰ সময়ত কান্দোনত ভাগি পৰিল অভিনেত্ৰী শিল্পা ছেট্টী । মুম্বাই আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, পৰ্ণ'গ্ৰাফী গোচৰৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক লগত লৈ মুম্বাইস্থিত বাসগৃহত অভিযান চলাইছিল । এই অভিযানৰ সময়তে অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টীকো সোধ-পোছ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত কান্দোনত ভাগি পৰিছিল শিল্পা । তেওঁ কৈছিল যে, স্বামী ৰাজ কুন্দ্ৰাই অশ্লীল ছবি নিৰ্মাণ কৰাৰ বিষয়ে একো কথা কোৱা নাছিল । তেওঁ স্ৱামীৰ কাৰ্যকলাপৰ বিষয়ে অজ্ঞাত আছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে । শিল্পা আৰু ৰাজৰ বাসগৃহত অপৰাধ শাখাই অভিযান চলোৱাৰ সময়তে দুয়োৰে মাজত তৰ্কা-তৰ্কি আৰম্ভ হয় । শিল্পাই চিঞৰি চিঞৰি ৰাজক প্ৰশ্ন কৰে, কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ আৰু কিয় তেওঁ এই কাম কৰিলে ।

কান্দি কান্দি শিল্পাই ৰাজ কুন্দ্ৰাক কয় যে, তেওঁৰ এই কামৰ বাবে পৰিয়ালৰ সন্মান হানি হৈছে, বদনাম হৈছে আৰু কৰ্মক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিছে । এতিয়া পৰিয়ালটোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে বুলিও শিল্পাই ৰাজক কয় । লগতে শিল্পাই ৰাজক প্ৰশ্ন কৰে যে, তেওঁলোকে সমাজত এক সুকীয়া স্থান অৰ্জন কৰাৰ পাছত এনে কাম কৰাৰ প্ৰয়োজন কি আছিল ।

লগতে পঢ়ক- ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

আৰক্ষীৰ সন্মুখত কান্দোনত ভাগি পৰিছিল শিল্পা । তেওঁ আৰক্ষীক জনায় যে, ৰাজ কুন্দ্ৰাই তেওঁ অশ্লীল ছবিৰ এপটোৰ বিষয়ে একো কথা কোৱা নাছিল আৰু সেয়ে তেওঁ এই বিষয়ে একো নাজানে । গোচৰটো সন্দৰ্ভত অধিক তথ্য দাঙি ধৰি আৰক্ষীৰ সূত্ৰটোৱে জনায় যে, যোৱা মাৰ্চ মাহত মুম্বাই অপৰাধ শাখাৰ সম্পত্তি কোষে পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত ৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পায় । এই বিষয়ে ৰাজ কুন্দ্ৰায়ো উমান পাইছিল ।

যোৱা মাৰ্চ মাহত তেওঁ মোবাইল ফোন সলনি কৰিছিল, যাতে কোনো তথ্য পুনৰুদ্ধাৰ কৰিব নোৱাৰে । তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত যেতিয়া অপৰাধ শাখাৰ বিষয়াসকলে তেওঁক পুৰণি ফোনটোৰ বিষয়ে প্ৰশ্ন কৰে তেওঁ কয় যে তেওঁ ফোনটো পেলাই দিছে । আৰক্ষীয়ে সন্দেহ কৰিছে যে, কুন্দ্ৰাৰ পুৰণি ফোনটোত বহু গুৰুত্বপূৰ্ণ প্ৰমাণ আছে আৰু সেয়ে আৰক্ষীয়ে এতিয়া পুৰণি ফোনটোও বিচাৰি আছে । ইফালে অপৰাধ শাখাৰ অনুসন্ধানত পোহৰলৈ আহিছে যে, কুন্দ্ৰাই এই গোচৰৰ তদন্তৰ পৰা ৰক্ষা পৰিবলৈ আন এটা পৰিকল্পনা যুগুত কৰিছিল আৰু এয়া 'প্লেন বি' বুলি তেওঁ সহযোগীসকলক জনাইছিল ।

আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়া মতে অপৰাধ শাখাৰ তদন্তত পোহৰলৈ আহিছে যে, শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ যুটীয়া একাউণ্টৰ পৰা কোটি কোটি টকাৰ লেনদেন কৰা হৈছে । অপৰাধ শাখাই সন্দেহ কৰিছে 'হটশ্বট'(Hotshots) আৰু 'বলী ফেম'(Bolly Fame) এপৰ পৰা উপাৰ্জন এই একাউণ্টত জমা হৈছিল । এই একাউণ্ট সম্পৰ্কীয় তদন্তৰ বাবে অপৰাধ শাখাই এগৰাকী বিত্তীয় অডিটৰ নিযুক্ত কৰিছে । লগতে সূত্ৰটোৱে কয় যে, এই এপবোৰৰ পৰা উপাৰ্জন কৰা ধন বিটকইনত বিনিয়োগ কৰা হৈছিল নে নাই সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান কৰি আছে ।

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰত কিয় পলম কৰিলে আৰক্ষীয়ে ?

আনহাতে, ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থাৰ্পৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ মঙলবাৰে সমাপ্ত হৈছে । অপৰাধ শাখাই মঙলবাৰে আদালতক তেওঁলোকৰ জিম্মা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায় । বোম্বে উচ্চ ন্যায়ালয়ে ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে আৰক্ষীয়ে জনাইছিল যে, কুন্দ্ৰাৰ চাৰিজন কৰ্মচাৰীয়ে পৰ্ণ'গ্ৰাফী গোচৰত তেওঁৰ বিৰুদ্ধে ভাষ্য আগবঢ়াইছে ।

কৰ্মচাৰীকেইজনে সাক্ষ্য দিয়াৰ বাবে অধিক সমস্যাত পৰিছে ৰাজ কুন্দ্ৰা । কুন্দ্ৰাক ১৯ জুলাইৰ শেষৰ ফালে মুম্বাই আৰক্ষীয়ে আন ১১ জন লোকৰ সৈতে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰু ২৭ জুলাইলৈকে মুম্বাই অপৰাধ শাখাৰ জিম্মাত থাকিব । পৰ্ণ'গ্ৰাফী গোচৰত জড়িত থকাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্ৰাক যোৱা ১৯ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে গ্ৰেপ্তাৰ কৰিছিল তেওঁৰ সহযোগী ৰিয়ান থাৰ্পেসহ আন ১১ জন ব্যক্তিক । তেওঁলোকক ২৭ জুলাই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । আনহাতে, এই গোচৰৰ তদন্তৰ সময়তে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই মুম্বাইৰ আন্ধেৰীস্থিত কুন্দ্ৰাৰ ভিয়ান আৰু জেএল ষ্ট্ৰীমৰ কাৰ্যালয়ত এটা লুকুৱাই ৰখা আলমিৰা উদ্ধাৰ কৰিছে । কুন্দ্ৰাৰ বিৰুদ্ধে মানি লণ্ডাৰিং আৰু ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্টৰ অধীনতো গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে । ই ডি(Enforcement directorate)য়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্ভাৱনা প্ৰকট হৈছে । বৰ্তমান তথ্য প্ৰযুক্তি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাৰ অধীনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক:6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.