ETV Bharat / sitara

বিক্ৰম বাত্ৰা-ডিম্পল চিমাৰ প্ৰেমৰ বিষয়ে কি ক'লে সন্দীপ শ্ৰীবাস্তৱে ? - সিদ্দাৰ্থ মালহোট্ৰা

শেহতীয়াকৈ মুক্তি লাভ কৰা "শ্বেৰশ্বাহ"(Shershaah) ছবিখনে ইতিমধ্যে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । কেপ্তেইন বিক্ৰম বাত্ৰা(Captain Vikram Batra)ৰ দেশপ্ৰেম ছবিখনৰ জৰিয়তে দাঙি ধৰাৰ সমন্তৰালকৈ ছবি নিৰ্মাতাই বাত্ৰা আৰু ডিম্পল চিমা(Dimple Cheema)ৰ প্ৰেম কাহিনীকো অতি সুন্দৰকৈ নাট্যৰূপ দিছে । কিন্তু কেনেকৈ কেপ্তেইন বিক্ৰম বাত্ৰা আৰু ডিম্পল চিমাৰ প্ৰেম কাহিনীক ছবিৰ জৰিয়তে উপস্থাপন কৰিবলৈ প্ৰেৰণা পাইছিল ছবিখনৰ কাহিনী লিখক সন্দীপ শ্ৰীবাস্তৱে(Sandeep Srivastava) ?

Shershaah writer reveals astonishing fact about Capt Vikram Batra and Dimple Cheema
বিক্ৰম বাত্ৰা-ডিম্পল চিমাৰ প্ৰেমৰ বিষয়ে সন্দীপ শ্ৰীবাস্তৱৰ মন্তব্য
author img

By

Published : Aug 30, 2021, 12:04 PM IST

চিটাৰা ডেস্ক, ৩০ আগষ্ট: কেপ্তেইন বিক্ৰম বাত্ৰাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবি "শ্বেৰশ্বাহে"(Shershaah) দৰ্শকৰ অন্তৰ জয় কৰাৰ আঁৰত আছে বিশেষকৈ দুটা কাৰণ । প্ৰথম কাৰণটো হৈছে ছবিখনত এগৰাকী সাহসী সেনা জোৱানৰ বীৰত্বৰ কাহিনী দেখুওৱা হৈছে আৰু দ্বিতীয়টো কাৰণ হৈছে যুদ্ধৰ বৰ্ণনা থকা দেশপ্ৰেমমূলক ছবিখনত সুন্দৰভাৱে এটি প্ৰেম কাহিনীক নাট্যৰূপ দিয়া হৈছে ।

"শ্বেৰশ্বাহ"ৰ লিখক সন্দীপ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে যে, তেওঁ কেনেকৈ ছবিখনত এই প্ৰেম কাহিনী হৃদয়স্পৰ্শী হোৱাকৈ উপস্থাপন কৰাৰ প্ৰেৰণা লাভ কৰিছিল । চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত স্নাতকোত্তৰ কৰি থকা সময়ত বাত্ৰা আৰু চিমাৰ সহপাঠী আছিল ।

তেতিয়াই ডিম্পল চিমাৰৰ প্ৰেমত পৰিছিল বিক্ৰম বাত্ৰা । সেনা বাহিনীত যোগদান কৰি কেপ্তেইন বিক্ৰম বাত্ৰাই দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ পাছত ডিম্পলে বাত্ৰাৰ স্মৃতি লগত লৈ গোটেই জীৱন অতিবাহিত কৰাৰ সিদ্ধান্ত লৈছিল ।

ডিম্পলৰ এই সিদ্ধান্ত আনৰ বহুতৰে বাবে এক ডাঙৰ ত্যাগ, কিন্তু তেওঁৰ বাবে এয়া তেওঁৰ নিজৰ ইচ্ছা । প্ৰথমে সন্দীপে শ্ৰীবাস্তৱে তেওঁক সাক্ষাৎ কৰি এই প্ৰেম কাহিনী ভালদৰে বুজিবলৈ বিচাৰিছিল ।

কিন্তু ডিম্পলে ব্যক্তিগতভাৱে সাক্ষাৎ কৰা অনিচ্ছুক আছিল । অৱশ্য়ে ফোনযোগে তেওঁৰ সৈতে কথা পাতিবলৈ ডিম্পল সন্মত হৈছিল । আৰু যেতিয়া সন্দীপে শ্ৰীবাস্তৱৰ কথাত বিশ্বাস ওপজে, তেতিয়া ডিম্পলে তেওঁক সাক্ষাৎ কৰে আৰু বাত্ৰাৰ বিষয়ে বাৰ্তালাপ কৰে ।

আশ্চৰ্যজনকভাৱে বাত্ৰাক লগ পোৱাৰ এমাহৰ পৰাই সকলো কথা মনত আছে ডিম্পলৰ । শেহতীয়া এক সাক্ষাৎকাৰত সন্দীপ শ্ৰীবাস্তৱে প্ৰকাশ কৰিছে যে, যদিও বিক্ৰম বাত্ৰা আৰু ডিম্পল চিমাই ইজনে সিজনক চাৰি বছৰ ধৰি চিনি পাইছিল ৷ কিন্তু মাত্ৰ 40 দিন একেলগে কটাইছিল । কিয়াৰাই ডিম্পলৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ।

কিন্তু ডিম্পলৰ চৰিত্ৰক ছবিখনত বিশদভাৱে দাঙি নধৰাক লৈ যথেষ্ট সমালোচনা হৈছে । এই সন্দৰ্ভত সন্দীপ শ্ৰীবাস্তৱে কয় যে, তেওঁ মাত্ৰ বাত্ৰা আৰু ডিম্পলে একেলগে কটোৱা সেই ৪০ টা দিনৰ বিষয়ে ছবিখনত দেখুৱাইছে । লগতে ডিম্পলৰ প্ৰতি তেওঁ যথেষ্ট সন্মান আছে বুলিও সাক্ষাৎকাৰত প্ৰকাশ কৰিছে লিখকগৰাকীয়ে ।

লগতে পঢ়ক: কাম বিচাৰি ৰঙিয়ালৈ গৈ ক’ত হেৰাল দিপ্তী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.