ETV Bharat / sitara

Shahid Kapoor Film Career: 5 খন চিনেমাই বচাইছিল শ্বাহিদৰ অভিনয় কেৰিয়াৰ - শ্বাহিদ কাপুৰৰ জন্মদিন

25 ফেব্ৰুৱাৰীত শ্বাহিদ কাপুৰে সম্পূৰ্ণ কৰিলে জীৱনৰ 41 টা বসন্ত ৷ বলীউডৰ এই চকলেটী লুকৰ অভিনেতাজনে বৰ্তমানলৈকে বিভিন্ন চৰিত্ৰৰে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে ৷ বলীউডত আৰম্ভণিতেই ষ্টাৰডম লাভ কৰিব পৰা 5 খনকৈ চিনেমাৰ অফাৰ শ্বাহিদে নাকচ কৰিছিল (Shahid Kapoor five movies) ৷ পিছলৈ তেওঁ যথেষ্ট সংঘৰ্ষৰে নিজক প্ৰতিষ্টা কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ অভিনয় জীৱন অধিক সফল হোৱাৰ কামনাৰে ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা অভিনেতাজনলৈ জন্মদিনৰ অফুৰন্ত শুভকামনা...

film career
5 খন চিনেমাই বচাইছিল শ্বাহিদৰ অভিনয় কেৰিয়াৰ
author img

By

Published : Feb 25, 2022, 9:23 PM IST

চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী : আজি শ্বাহিদ কাপুৰৰ 41 বছৰীয়া জন্মদিন ৷ ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰা শ্বাহিদ অভিনেতা পংকজ কাপুৰৰ ডাঙৰ সন্তান ৷ শ্বাহিদৰ তিনিবছৰ বয়সতে তেওঁৰ পিতৃ-মাতৃ পৃথক হৈছিল ৷ 1990 ৰ কেইবাখনো ছবিত শ্বাহিদে বেকগ্ৰাউণ্ডত নৃত্যশিল্পী হিচাপে কাম কৰিছিল ৷

film career
শ্বাহিদ কাপুৰে সম্পূৰ্ণ কৰিলে জীৱনৰ 41 টা বসন্ত

2003 চনত ৰোমাণ্টিক কমেডি ইস্ক ভিস্ক ৰে ছবিজগতত ভৰি দিয়েই শ্বাহিদে লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল ডেবিয়ুট বঁটা ৷ বলীউডত শ্বাহিদৰ কেৰিয়াৰৰ যথেষ্ট উত্থান পতন ঘটিছে ৷ হিট ছবিৰ সমান্তৰালকৈ শ্বাহিদৰ ফ্লপ ছবিৰ সংখ্যাও কম নহয় ৷ আজি আমি আপোনালোকক জনাম কোনকেইখন চিনেমাই (Shahid Kapoor five movies) শ্বাহিদৰ ডুবিব ধৰা কেৰিয়াৰটো ধৰি ৰাখিলে ৷

film career
5 খন চিনেমাই বচাইছিল শ্বাহিদৰ অভিনয় কেৰিয়াৰ

জব উই মেট (2007)

অভিনয়ৰ প্ৰাৰম্ভিক পৰ্যায়ত 10 খন চলচ্চিত্ৰ কৰাৰ পিছতো শ্বাহিদে তাৰকাৰ মৰ্যাদা পোৱা নাছিল । ২০০৭ চনত ইমতিয়াজ আলীৰ দ্বাৰা পৰিচালিত 'জব উই মেট' চলচ্চিত্ৰখনে শ্বাহিদ কাপুৰক ৰাতিটোৰ ভিতৰতে তাৰকা কৰি তুলিছিল । অৱশ্যে, ২০০৬ চনৰ আৰম্ভণিতে শ্বাহিদ কাপুৰে 'বিবাহ' বোলছবিখনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল । 'জব উই মেট' বোলছবিখনত কৰীণা কাপুৰৰ সৈতে তেওঁৰ যুটিয়ে ৰূপালী পৰ্দাত খলকনি তুলিছিল ।

film career
জব উই মেট (2007)

কমীনে (2009)

শ্বাহিদে বিদ্যা বালানৰ সৈতে 2008 চনত কিছমত কানেক্ছনত সুন্দৰ কাম কৰিছিল । তাৰ পিছত 2009 চনত মুক্তি পোৱা বিশাল ভৰদ্বাজৰ ছবি 'কমীনে'ত শ্বাহিদে তেওঁৰ অভিনয়েৰে অভিনয় জগতত খোপনি পুতিছিল । চলচ্চিত্ৰখনত শ্বাহিদে চাৰ্লি শৰ্মা আৰু গুড্ডু শৰ্মা নামৰ দুটা চৰিত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । সমালোচকসকলেও প্ৰশংসা কৰিছিল ছবিখন ।

film career
কমীনে (2009)

হৈদৰ (2014)

2009 চনৰ পিছত 2013 চনলৈকে শ্বাহিদ কাপুৰে আঠখন ফ্লপ ছবি দিছিল যাৰ ভিতৰত আছে 'দিল বোলে হাড়ীপ্পা', 'চান্স পে ডান্স', 'পাঠশালা', 'বদমাচ কোম্পানী', 'মিলেংগে-মিলেংগে', 'মৌচম', 'তেৰি মেৰী কাহানী' আৰু 'ফটা পোষ্টাৰ নিকলা হিৰো'। 2013 চনত 'আৰ...ৰাজকুমাৰ চলচ্চিত্ৰখনেৰে পুনৰ ট্ৰেকলৈ আহে শ্বাহিদ । পৰৱৰ্তী 2014 চনত শ্বাহিদে আন এখন বিশাল ভৰদ্বাজ ছবি 'হৈদৰ'ৰে পুনৰ আশ্চৰ্যকৰ কাম কৰি দৰ্শকৰ মন জিনে ৷

film career
হৈদৰ (2014)

উড়তা পাঞ্জাৱ (2016)

'হৈদৰ' চলচ্চিত্ৰখনৰ পিছত শ্বাহিদৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ফ্লপ 2015 চনৰ আছিল 'শ্বানদাৰ' । এই চলচ্চিত্ৰখনত তেওঁক প্ৰথমবাৰৰ বাবে আলিয়া ভাটৰ সৈতে দেখা গৈছিল । তাৰ পিছত 2016 চনত 'উড়তা পাঞ্জাৱ' বোলছবিখনে শ্বাহিদৰ সফলতা কঢ়িয়াই আনে । ছবিখনত শ্বাহিদে টমি সিং নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল ।

film career
উড়তা পাঞ্জাৱ (2016)

কবীৰ সিং (2019)

2016 চনৰ পিছত 2017 ত শ্বাহিদে 'ৰংগুন'বোলছবিখন কৰিছিল । চলচ্চিত্ৰখনত, তেওঁক কংগনা ৰাণাৱট আৰু চেইফ আলী খানৰ সৈতে দেখা গৈছিল । ৰংগুন বোলছবিখনো শ্বাহিদৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ ফ্লপ ছবি আছিল । তাৰ পিছত 2018 চনত শ্বাহিদে ৰণবীৰ সিং আৰু দীপিকা পাডুকন অভিনীত 'পদ্মাৱত'ত ৰাৱল ৰতন সিঙৰ চৰিত্ৰত অভিনয় কৰি যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

2018 চনত মুক্তি লাভ কৰা 'বাট্টি গুল মিটাৰ চালু' বোলছবিখন আছিল এখন এভাৰেজ ছবি । পৰৱৰ্তী 2019 চনত তেলেগু ছবি 'অৰ্জুন ৰেড্ডী'ৰ হিন্দী ৰিমেক 'কবীৰ সিঙে' শ্বাহিদ কাপুৰৰ কেৰিয়াৰত নতুনকৈ সফলতা যোগ কৰে । শ্বাহিদৰ অভিনয় কেৰিয়াৰত 'কবীৰ সিং' বোলছবিখন সদায় স্মৰণীয় হৈ থাকিব ।

film career
কবীৰ সিং (2019)

শ্বাহিদ কাপুৰে আন এখন দক্ষিণৰ ছবি 'জাৰ্ছী'ৰ হিন্দী ৰিমেকত অভিনয় কৰিছে। হিন্দীত চলচ্চিত্ৰখন 'জাৰ্ছী' নামেৰে নিৰ্মাণ কৰা হৈছে ৷ মুক্তিৰ বাবে সাজু হৈ থকা ছবিখন ক’ভিড-19 ৰ বাবে বাৰে বাৰে পিছুৱাই থকা হৈছে । চলচ্চিত্ৰখন চলিত বছৰৰ ১৪ এপ্ৰিলত মুক্তি পাব ।

শ্বাহিদ কাপুৰে প্ৰত্যাখ্যান কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল ৰণবীৰ কাপুৰ অভিনীত 'ৰকষ্টাৰ', 'ৰং দে বাসন্তী', 'শুদ্ধ দেশী ৰোমাঞ্চ', 'ৰাঞ্জনা', 'বেং-বেং' আৰু মীৰা নায়াৰৰ 'দ্য ৰিলাক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট'

লগতে পঢ়ক: Sukesh Chandrashekhar case: সাৰা, জাহ্নৱী, ভূমিকো লক্ষ্য কৰি লৈছিল সুকেশে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.