ETV Bharat / sitara

অধিক গছপুলি ৰোপনৰ বাবে ৰাইজক আহ্বান সঞ্জয় দত্তৰ

author img

By

Published : Dec 8, 2020, 4:52 PM IST

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সাংসদ সন্তোষ কুমাৰৰ সেউজ ভাৰত প্ৰত্যাহ্বান পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই তেলেংগানাত উপস্থিত অভিনেতা সঞ্জয় দত্ত ৷ মুন্নাভাই এম.বি.বি.এচ অভিনেতা গৰাকীয়ে এই অনুষ্ঠানৰ অংশ হ’ব পাই আনন্দিত বুলি মন্তব্য কৰাৰ লগতে স্বাস্থ্যবান আৰু স্থায়ী পৰিৱেশৰ বাবে ৰাইজক গছপুলি ৰোপনৰ বাবে আহ্বান জনায় ৷

Sanjay Dutt urges everyone to plant more trees
অধিক গছপুলি ৰোপনৰ বাবে ৰাইজক আহ্বান সঞ্জয় দত্তৰ

চিটাৰা ডেস্ক,8 ডিচেম্বৰঃ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সাংসদ সন্তোষ কুমাৰৰ সেউজ ভাৰত প্ৰত্যাহ্বান পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই তেলেংগানাত উপস্থিত অভিনেতা সঞ্জয় দত্ত ৷ সোমবাৰে সাংসদগৰাকীৰ জন্মদিন উপলক্ষে হায়দৰাবাদৰ শিল্পৰামমত গছপুলি ৰোপন কৰে অভিনেতাগৰাকীয়ে ৷ সন্তোষ কুমাৰৰ এই পদক্ষেপত প্ৰতি সমৰ্থন জনাই সঞ্জয় দত্তই সেউজীয়াৰ প্ৰতি সজাগতা বৃদ্ধি কৰে ৷

মুন্নাভাই এম.বি.বি.এচ অভিনেতা গৰাকীয়ে এই অনুষ্ঠানৰ অংশ হ’ব পাই আনন্দিত বুলি মন্তব্য কৰাৰ লগতে স্বাস্থ্যবান আৰু স্থায়ী পৰিৱেশৰ বাবে ৰাইজক গছপুলি ৰোপনৰ বাবে আহ্বান জনায় ৷ আনহাতে, সঞ্জয় দত্তৰ উপস্থিতি তেখেতৰ জন্মদিনৰ অন্যতম উপহাৰ বুলি মন্তব্য কৰে সাংসদ সন্তোষ কুমাৰে ৷ তেখেতে সঞ্জয় দত্তক সেউজ ভাৰত প্ৰত্যাহ্বান পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই এই গছৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

ইয়াৰ উপৰিও সাংসদ গৰাকীৰ জন্মদিন উপলক্ষে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সেউজ ভাৰত প্ৰত্যাহ্বানৰ দ্বাৰা প্ৰকাশিত ‘বিকাশ বেদম’ নামৰ গ্ৰন্থখন মুকলি কৰে ৷ এই গ্ৰন্থখন লিখি উলিয়াইছে মমিদি হৰিকৃষ্ণই আৰু সম্পাদনা কৰিছে দেশপথি শ্ৰীনিবাসে ৷ এই গ্ৰন্থখন সংকলনৰ বাবে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সন্তোষ কুমাৰক শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, সাংসদ সন্তোষ কুমাৰে তাৰকা, ব্যৱসায়ী আৰু বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিক সেউজ ভাৰত পদক্ষেপৰ অংশ হিচাপে গছপুলি ৰোপনৰ বাবে অহ্বান জনাই আহিছে ৷ তেখেতৰ অনুৰোধ মৰ্মেই চলিত বৰ্ষৰ ছেপ্তেম্বৰত জনপ্ৰিয় অভিনেতা প্ৰভাসে হায়দৰাবাদৰ কাষৰীয়া 1,650 একৰ ৰিজৰ্ভ ফৰেষ্ট তুলি লয় ৷ বাহুবলী অভিনেতাগৰাকীয়ে খাজীপল্লী ৰিজাৰ্ভ ফৰেষ্টৰ উন্নয়নৰ বাবে প্ৰায় 2 কোটি টকা চেক বন বিষয়াক প্ৰদান কৰে ৷

লগতে পঢ়ক-পংকজ ত্ৰিপাঠীয়ে ৰাজহুৱা কৰিলে "শ্বাকিলা"ৰ প্ৰথম পোষ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.