ETV Bharat / sitara

মাতৃ নৰগিছ দত্তৰ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ পৰিল পুত্ৰ সঞ্জয় দত্ত

author img

By

Published : May 3, 2020, 8:40 PM IST

আজি প্ৰসিদ্ধ অভিনেত্ৰী নৰগিছ দত্তৰ 39 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ অভিনেতা পুত্ৰ সঞ্জয় দত্তে মাতৃৰ মৃত্যুবাৰ্ষিকী উপলক্ষে মাতৃৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰাৰ লগতে এটা আৱেগিক বাৰ্তা লিখে ছ'চিয়েল মিডিয়াত ৷

sanjay dutt shares a pic on nargis dutt death anniversary
মাতৃ নৰগিছ দত্তৰ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ পৰিল পুত্ৰ সঞ্জয় দত্ত

চিটাৰা ডেস্ক,3 মে'ঃ হিন্দী বোলছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী নৰগিছ দত্তে নিজৰ জীৱনত এখনতকৈ এখন হিট ছবি দৰ্শকক প্ৰদান কৰিছে ৷ 5 বছৰ বয়সৰ পৰাই নৰগিছ দত্তে আৰম্ভ কৰিছিল নিজৰ অভিনয়ৰ কেৰিয়াৰ ৷ মাদাৰ ইণ্ডিয়া, চৌৰি-চৌৰি, আৱাৰা, আহ অৰ অনহৌনীৰ দৰে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷

1981 চনৰ 3 মে'ত 58 বছৰ বয়সত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ আজি অভিনেত্ৰী গৰাকীৰ 39 সংখ্যক মৃত্যুবাৰ্ষিকীত পুত্ৰ সঞ্জয় দত্তে মাতৃৰ সৈতে উঠা এখন ফটোৰ সৈতে এটা আৱেগিক প'ষ্ট শ্বেয়াৰ কৰে ৷

তেওঁ লিখে," আপুনি আমাক এৰি থৈ যোৱাৰ 39টা বছৰ হ'ল, কিন্তু মই জানো আপুনি আজিও মোৰ লগতে আছে ৷ আপুনি যদি আজি আৰু সদায়েই মোৰ লগত থাকিব পাৰিলে হয় , মই আপোনাৰ সদায়েই মনত পেলাও আৰু আপোনাক বহুত ভাল পাওঁ মা ৷ "

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.