ETV Bharat / sitara

বিজয়া দশমীৰ শুভক্ষণত সঞ্জয় দত্তক ‘ৰাম’ আখ্যা পত্নী মান্যতাৰ

author img

By

Published : Oct 25, 2020, 8:52 PM IST

বিজয়া দশমীৰ শুভক্ষণত নিজ বাসগৃহতে পূজা কৰিছে অভিনেতা সঞ্জয় দত্তই ৷ কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰি সকলো বাধা-বিঘিনিক নেওচি ঘৰলৈ উভতি অহা বুলি মন্তব্য কৰে পত্নী মান্যতা দত্তই ৷ ইনষ্টাগ্ৰামযোগে 24 ছেকেণ্ডৰ এটা ভিডিঅ’ ক্লীপ শ্বেয়াৰ কৰে মান্যতাই ৷

Sanjay Dutt performs Vijaya Dashmi puja
সঞ্জয় দত্তক ‘ৰাম’ আখ্যা পত্নী মান্যতাৰ

চিটাৰা ডেস্ক,25 অক্টোবৰ : কিছুদিন পূৰ্বে কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা মুন্নাভাই খ্যাত অভিনেতা সঞ্জয় দত্তই বিজয়া দশমীৰ শুভক্ষণত নিজ বাসগৃহতে পূজা কৰা পৰিলক্ষিত হৈছে ৷ পত্নী মান্যতা দত্তই পূজা কৰা মূহুৰ্তৰ এটা ভিডিঅ’ ক্লীপ শ্বেয়াৰ কৰি তেওঁৰ ৰামে সকলো বাধা-বিঘিনিক নেওচি ঘৰলৈ উভতি অহা বুলি মন্তব্য কৰে ৷

ইনষ্টাগ্ৰামযোগে 24 ছেকেণ্ডৰ এটা ক্লীপ শ্বেয়াৰ কৰে মান্যতাই,য’ত অভিনেতা সঞ্জয় দত্তই আৰতি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু পুৰোহিতে ‘অম্বে তু হ্যে জগদম্বে কালী’ মন্ত্ৰ গাই আছে ৷ সম্পূৰ্ণ বগা সাজ পৰিধান কৰি সঞ্জু বাবাই যেন এন্ধাৰৰ দুৰ্দশাক খেদি চাকিৰে পোহৰাই তুলিছে ৷

এক দীঘলীয়া প’ষ্ট শ্বেয়াৰ কৰি মান্য়তাই কয় যে,সঞ্জয় দত্ত তেওঁলোকৰ বাবে এক প্ৰেৰণা ৷ তেওঁ ধৈৰ্য,আগ্ৰহ আৰু মৰমেৰে কৰ্কটৰ যুদ্ধত জয়ী হৈছে ৷

#vijayadashami bhava!! #love #grace #positivity #dutts #beautifullife #thankyougod 🙏 হেশ্বটেগ ব্যৱহাৰ কৰি মান্যতাই কয় যে ‘‘আপুনি মোৰ শক্তি,মোৰ গৰ্ব,মোৰ ৰাম!!’’

লগতে পঢ়ক : নাইট আউট পোছাক পৰিধানেৰে দৰ্শকক মোহিত কৰিছে চুহানা খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.