ETV Bharat / sitara

জন্মদিনত অনুৰাগীক বাসগৃহৰ বাহিৰত ভিৰ নকৰিবলৈ আহ্বান চলমানৰ

author img

By

Published : Dec 27, 2020, 10:42 AM IST

ক’ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জন্মদিনত অনুৰাগীসকলক বাসগৃহৰ বাহিৰত ভিৰ নকৰিবলৈ আহ্বান অভিনেতা চলমান খানে ৷ প্ৰতিবছৰেই তেওঁৰ জন্মদিনৰ দিনা শুভেচ্ছা জনোৱাৰ অৰ্থে বান্দ্ৰাস্থিত বাসগৃহৰ বাহিৰত অনেক গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হয় ৷

Salman Khan birthday
চলমান খানৰ জন্মদিন

চিটাৰা ডেস্ক,27 ডিচেম্বৰ : ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে নিজৰ 55 সংখ্যক জন্মদিনত অনুৰাগীসকলক বাসগৃহৰ বাহিৰত ভিৰ নকৰিবলৈ আহ্বান জনাইছে বলিউডৰ ভাইজান চলমান খানে ৷

প্ৰতিবছৰেই অভিনেতা চলমান খানৰ জন্মদিনৰ দিনা তেওঁৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰত অনেক গুণমুগ্ধই ভিৰ কৰে ৷ চলমানেও অনুৰাগীসকলৰ পৰা জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি অনুৰাগীসকলক সাক্ষাৎ কৰে ৷

চলমানে সাধাৰণতে তেওঁৰ এই বিশেষ দিনটো পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু বৰ্গৰ সৈতে পানভেল হাউছত উদযাপন কৰা পৰিলক্ষিত হয় ৷ চলমানৰ অনেক গুণমুগ্ধই জন্মদিনৰ দিনটোত তেওঁৰ বাসগৃহৰ বাহিৰত ভিৰ কৰি তেওঁক শুভেচ্ছা জনোৱাতো তেওঁৰ বাবে এক সৌভাগ্য ৷

Salman Khan birthday
চলমান খানৰ জন্মদিন

কিন্তু এইবেলি ক’ৰণা সংক্ৰমণৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু তেওঁৰ বাসগৃহৰ বাহিৰত ভিৰ নকৰিবলৈ অনুৰাগীসকলক আহ্বান জনায় অভিনেতা গৰাকীয়ে ৷ চলমানে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনায় ৷

চলমানৰ আগন্তুত ছবি ‘Antim- The Final Truth’ৰ বাবে ইতিমধ্যে তেওঁ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিছে ৷ ছবিখনত চলমানে এগৰাকী শিখ আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ৷ লগতে বৰ্তমান টেলিভিশ্বনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছত ঘোষক হিচাপে ব্যস্ত হৈ আছে চলমান খান ৷

লগতে পঢ়ক : হায়দৰাবাদৰ এখন স্থানীয় ভোজনালয়ত উপস্থিত চনু চুড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.