চিটাৰা ডেস্ক, ৯ ডিচেম্বৰ: মহেশ মাঞ্জৰেকাৰে নিৰ্দেশনা কৰা 'অন্তিম' নামৰ ছবিখনত একেলগে দেখা পোৱা যাব ছলমান খান আৰু জোঁৱাই আয়ুষ শৰ্মাক । ২০১৮ চনত মুক্তি লাভ কৰা 'লাভ যাত্ৰী' ছবিখনৰ জৰিয়তে ছলমানে আয়ুষক বলীউডত খোজ পেলোৱাৰ বাট দেখুৱাইছিল । বলীউডত আয়ুষক আগুৱাই যোৱাত উদগনি যোগোৱাৰ বাবে এয়া এক প্ৰয়াস । মহেশ মাঞ্জৰেকাৰে নিৰ্দেশনা কৰা ছবিখনত ছলমান খানক শিখ সম্প্ৰদায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত দেখা পোৱা যাব ।
আনহাতে, আয়ুষে গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিব । প্ৰাপ্ত তথ্য মতে, যোৱা ১৬ নৱেম্বৰত পুণেত 'অন্তিম'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল আৰু ইয়াৰ পিছত কৰ্জাটত দৃশ্যগ্ৰহণ কৰে । অভিনেতা নিকিতিন ধীৰেও ছবিখনত অভিনয় কৰিছে । শীঘ্ৰেই ছলমান আৰু আয়ুষে একেলগে থকা প্ৰথমটো দৃশ্য শ্বুটিং কৰাৰ পৰিকল্পনা কৰিছে । এখন ৱেবলয়ডৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰক্ষীৰ চৰিত্ৰ সাধাৰণতে গম্ভীৰ যদিও ছবিখনত ছলমানক কিছু পৃথক ৰূপত দেখা পোৱা যাব । ছলমানে জন্মদিনৰ বাহিৰে ডিচেম্বৰ মাহৰ আটাইকেইদিন শ্বুটিং কৰিব । জানুৱাৰীৰ মাজভাগলৈ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।