ETV Bharat / sitara

নিজৰ ব্ৰেণ্ডৰ মাস্ক মুকলি কৰি ট্ৰ'ল হ'ল চলমান খান - salman khan has launched his line of covid masks but gets trolled

চলমান খানে মুকলি কৰিলে নিজৰ ব্ৰেণ্ডৰ মাস্ক ৷ অভিনেতা গৰাকীয়ে মাস্ক পিন্ধি ফটো শ্বেয়াৰ কৰি লিখিলে," আমাৰ এটাই কাম, পিন্ধক আৰু পিন্ধাওক মাস্ক ৷" কিন্তু এই প'ষ্টটোৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হয় অভিনেতা গৰাকী ৷

salman khan has launched his line of covid masks but gets trolled
নিজৰ ব্ৰেণ্ডৰ মাস্ক মুকলি কৰি ট্ৰ'ল হ'ল চলমান খান
author img

By

Published : Aug 16, 2020, 4:01 PM IST

চিটাৰা ডেস্ক,16 আগষ্টঃ কৰ'ণা ভাইৰাছৰ বাবে যথেষ্ট হাৰত বৃদ্ধি পালে মাস্কৰ চাহিদা ৷ ইয়াৰ মাজতে শেহতীয়াকৈ চলমান খানে মুকলি কৰিলে নিজৰ ব্ৰেণ্ড Being Humanৰ মাস্ক ৷ মাস্ক পিন্ধি ফটো শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীয়ে ৷ তাৰ পিছতেই ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখিন হ'ল অভিনেতা গৰাকী ৷

ফটোখন শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে লিখিলে," Being Human clothingয়ে আজি মাস্ক মুকলি কৰিছে আৰু আমাৰ এটাই কাম, পিন্ধক আৰু পিন্ধাওক মাস্ক ৷ যেতিয়া আপুনি এখন আমাৰ পৰা মাস্ক কিনিব তেতিয়া আমি আৰু এখন আপোনাক ফ্ৰী দিম, সেইখন আপোনালোকে কোনোবা মাস্কৰ প্ৰয়োজন হৈ থকা লোকক দিব পাৰিব ৷"

এই প'ষ্টটো দিয়াৰ পিছতে যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ল অভিনেতা গৰাকী ৷ একাংশই কথাৰে থকা -সৰকা কৰিলে অভিনেতা গৰাকীক ৷ বহুজনে ইয়াক লৈ হাস্যকৰ মিমো শ্বেয়াৰ কৰিলে ৷ ইফালে বহুজনে চলমান খানৰ এই ব্ৰেণ্ডটো বয়কট কৰাৰো দাবী উত্থাপন কৰিলে ৷

জনাই থওঁ যে,লক্ ডাউনৰ সময়খিনিত চলমান খানে সময় কটাইছিল পানৱেলস্থিত তেওঁৰ ফাৰ্ম হাউচত ৷ তাতেই তেওঁ বিগ বচ 2020ৰ প্ৰথমটো প্ৰম'ৰ শ্বুটিং কৰিছিল ৷

অভিনেতা গৰাকীৰ কামৰ কথালৈ চালে, চলমানখানক শেষবাৰৰ বাবে দেখা গৈছিল দাবাংগ থ্ৰি ছবিখনত ৷ ইফালে ঈদৰ সময়ত তেওঁৰ ৰাধে নামৰ ছবিখন মুক্তি পোৱাৰ কথা আছিল ৷ কিন্তু লক্ ডাউনৰ বাবে ছবিখনৰ শ্বুটিঙৰ কাম সম্পূৰ্ণ কৰিব পৰা নগ'ল ৷

ইয়াৰ উপৰিও চলমান খান আৰু জেকলিন অভিনীত ছবি কিকৰ চিকুৱেল কিক-2ত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক ৷

লগতে পঢ়কঃসঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.