চিটাৰা ডেস্ক, ২৮ মে': বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ কামৰ বিষয়ে প্ৰায়েই গঠনমূলক সমালোচনা কৰে পিতৃ ছেলিম খানে । শেহতীয়াকৈ তেওঁ ছলমান খানৰ ছবি "ৰাধে: ইয়ৰ ম'ষ্ট ৱান্টেড ভাই" সন্দৰ্ভত মতামত প্ৰকাশ কৰে । জঞ্জিৰ ছবিৰ কাহিনী ৰচোতা গৰাকীয়ে কয় যে ছলমানৰ পূৰ্বৰ ছবি "ডাবাং-৩" আৰু "বজৰংগী ভাইজান" দুয়োখন ছবিয়েই যথেষ্ট ভাল আৰু পৃথক ছবি আছিল ।
কিন্তু "ৰাধে: ইয়ৰ ম'ষ্ট ৱান্টেড ভাই" ইয়াৰ বিপৰীত । অৱশ্যে এই ছবিখন খুব ভাল ছবি নহ'লেও তেওঁৰ পুত্ৰই বাণিজ্যিক দিশৰ পৰা ছবিখনৰে জড়িত সকলো কলা-কুশলীকে সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে ।
তেওঁ কয় যে, বাণিজ্যিক ছবি নিৰ্মাতাৰ দায়িত্ব হৈছে সকলোৱে প্ৰাপ্য ধন লাভ কৰাটো নিশ্চিত কৰা আৰু তেওঁৰ পুত্ৰই ছবিখনৰ সৈতে জড়িত শিল্পী, প্ৰযোজকৰ পৰা আৰম্ভ কৰি প্ৰতিজন অংশীদাৰে ধন লাভ কৰাটো নিশ্চিত কৰা লক্ষ্যেৰে ছবিখন নিৰ্মাণ কৰিছিল ।
জাভেড আখটাৰৰ সৈতে লগ হৈ "শোলে" আৰু "দিৱাৰ"কে ধৰি কেইবাখনো সফল ছবিৰ কাহিনী ৰচনা কৰা ছেলিম খানে কয় যে, ৰাধে ছবিৰ অংশীদাৰসকলে ছবিখনৰ বাবে লাভান্ৱিত হৈছে । কিন্তু ছবিখন তেওঁ খুব ভাল ছবি নহয় বুলি মন্তব্য কৰে । উল্লেখ্য যে, ছলমানে সদায় কৈ আহিছে যে, তেওঁৰ পিতৃ হৈছে তেওঁৰ কামৰ আটাইতকৈ ডাঙৰ সমালোচক ।
লগতে পঢ়ক:মান্না দে’ৰ গীতত সুবাস বিলোৱা এগৰাকী অসমীয়া লোকশিল্পীৰ মৃত্যু