চিটাৰা ডেস্ক , 1 ছেপ্তেম্বৰ : ক্ৰমাৎ সুস্থিৰ হৈছে শ্বায়েৰা বানু(Saira Banu)ৰ স্বাস্থ্য ৷ চলিত সপ্তাহৰ আৰম্ভণিতে নিম্ন ৰক্তচাপজনিত সমস্যাৰ বাবে চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট(ICU)ত প্ৰবীণ অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল ৷ হাস্পতাল কৰ্তৃপক্ষই বুধবাৰে জানিবলৈ দিয়া মতে, বৰ্তমান শ্বায়েৰা বানুৰ স্বাস্থ্যক লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই ৷
লগতে পঢ়ক : দিলীপ কুমাৰৰ দেহাৱসান: প্ৰকৃত ইউছুফ ছৰৱাৰ খানৰ বিষয়ে চমু আভাস
বিগত জুলাই মাহত স্বামী দিলীপ কুমাৰক হেৰুওৱা 77 বৰ্ষীয় অভিনেত্ৰীগৰাকীক তিনিদিন পূৰ্বে Khar Hinduja hospitalত ভৰ্তি কৰোৱা হৈছিল ৷ মঙলবাৰে অভিনেত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰা বুলি জানিবলৈ দি হাস্পতাল কৰ্তৃপক্ষই বৰ্তমান বানুৰ স্বাস্থ্য ভাল আৰু চিন্তাৰ কোনো কাৰণ বুলি সদৰী কৰে ৷ অভিনেত্ৰীগৰাকীৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে যদিও কৰ'ণা অতিমাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত তেখেতক আইশ্বলেশ্বনত ৰখা হৈছিল বুলি হাস্পতাল কৰ্তৃপক্ষই অৱগত কৰে ৷
লগতে পঢ়ক : King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ
Junglee ছবিখনৰ সৈতে পৰ্দাত ভুমুকি মৰা শ্বায়েৰা বানুক আগন্তুক এদিন বা দুদিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকাৰ পাচত 7 জুলাইত বানুৰ স্বামী তথা প্ৰবীণ অভিনেতা দিলীপ কুমাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷
Padosan (1968), Hera Pheri (1976), Diwana (1967) and Purab Aur Paschim (1970) আদি ছবিৰ বাবে শ্বায়েৰা বানু তেওঁৰ অনুৰাগীসকলৰ মাজত সমাদৃত ৷
লগতে পঢ়ক : বিক্ৰম বাত্ৰা-ডিম্পল চিমাৰ প্ৰেমৰ বিষয়ে কি ক'লে সন্দীপ শ্ৰীবাস্তৱে ?