চিটাৰা ডেস্ক,27 ফেব্ৰুৱাৰীঃ 1993 চনত বলীউড ক্ষেত্ৰখনত ভুমুকি মাৰিছিল চেইফ আলি খানে ৷ সেই সময়ত চেইফ আলি খানৰ বয়স আছিল মাত্ৰ 23 বছৰ ৷ ছবিক্ষেত্ৰত তেওঁৰ এই দীঘলীয়া যাত্ৰাক কেন্দ্ৰ কৰি তেওঁ কয় যে, " তেওঁৰ খেদ আছে যদিও ইমান গুৰুতৰ নহয় ৷ "
প্ৰসিদ্ধ অভিনেত্ৰী শৰ্মিলা টেগুৰ আৰু অভিজ্ঞ ক্ৰিকেটাৰ মনছুৰ আলি খান পাটাওডিৰ পুত্ৰ চেইফ আলি খানে পৰম্পৰা ছবিৰে পদাৰ্পণ কৰে ছবিজগতত ৷ কিন্তু প্ৰথম ছবিখনত বিশেষ ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাছিল অভিনেতাগৰাকী ৷ উমেশ মেহৰাৰ আশিক আৱাৰা ছবিখন তেওঁৰ দ্বিতীয় মুক্ত প্ৰাপ্ত ছবি ৷ য'ত তেওঁ নায়কৰ ভূমিকাত অভিনয় কৰিছিল ৷ ছবিখনৰ পৰিণাম আছিল ভীষণ বেয়া ৷ দৰ্শকে সেই সময়ত চেইফ আলি খানক ভাবিছিল মিছ ফিট হিচাপে ৷ যি না অভিনয় কৰিব পাৰে, না একচন কৰিব পাৰে না স্ক্ৰীণত নৃত্য কৰিব পাৰে ৷
ইয়াৰ পিছত তেওঁৰ ক্ৰমাণ্বয়ে চাৰিখন ছবি ৰিলিজ হ'ল ৷ কিন্তু চাৰিখন ছবি ৰিলিজ হোৱাৰ পিছতো একো সলনি নহ'ল তেওঁৰ প্ৰদৰ্শনত ৷1994 চনত ৰিলিজ হ'ল তেওঁৰ পঞ্চমখন ছবি য়ে দিল্লাগী ৷ এই ছবিখনত তেওঁ অক্ষয় কুমাৰ, কাজলৰ লগত সহ অভিনেতা ৰূপত অভিনয় কৰিছিল ৷ ছবিখন ব্লকবাষ্টাৰ হোৱা নাছিল যদিও মানুহে যথেষ্ট ভাল পাইছিল ৷ ইয়াৰ পিছত তেওঁ পুনৰ অক্ষয় কুমাৰৰ সৈতে মে খিলাড়ী টু অনাড়ী নামৰ এখন একচন ছবিত অভিনয় কৰে ৷ এইবাৰ কিন্তু দৰ্শকৰ চকুত লাগিল চেইফ আলি খানৰ অভিনয় ৷
ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেতাগৰাকীয়ে কমেডী আৰু ৰোমাঞ্চৰ দ্বাৰা দৰ্শকক আপ্লুত কৰি তুলিছিল ৷ কমেডী আৰু ৰোমাঞ্চৰ দ্বাৰা এক বিশেষ সন্মান আহৰণ কৰিবলৈ সক্ষম হয় অভিনেতাগৰাকীয়ে ৷ তেওঁৰ সদ্যমুক্তি প্ৰাপ্ত ছবি জৱানী জানেমন ছবিতো কমেডী আৰু ৰোমাঞ্চৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় অভিনেতাগৰাকীয়ে ৷
49 বছৰীয়া অভিনেতাগৰাকীয়ে শেহতীয়াকৈ কয় , " এয়া এক দীঘলীয়া যাত্ৰা ৷ মই যথেষ্ট কষ্ট কৰিছোঁ ৷ যদি মই পিছলৈ ঘূৰি চাও ,তেতিয়া যথেষ্ট আচৰিত লাগে ৷ মই চিনেমা কৰিয়েই ডাঙৰ হৈছো ৷ আপোনালোকেও জানে , যেতিয়া মই প্ৰথম আৰম্ভণি কৰিছিলো ,তেতিয়া মই যথেষ্ট সৰু আছিলো ৷ এতিয়া এই যাত্ৰা যথেষ্ট দীঘলীয়া হ'ল সেয়ে মই কিছু ভাগৰিছো ৷ এয়া মোৰ বাবে যথেষ্ট আশ্বৰ্যকৰ আৰু ৰসাল যাত্ৰা ৷ "
তেওঁক সোধা হৈছিল তেওঁৰ জীৱনত কিবা খেদ আছে নেকি ? তেতিয়া তেওঁ উত্তৰত কয়, " মই জানো মোৰ খেদ আছে , কিন্তু ইমান গুৰুতৰো নহয় ৷ কিন্তু খেদ থকাটো বেয়া নহয় কাৰণ আমি সকলো মানুহ ৷ "