ETV Bharat / sitara

গৃহ নগৰ পুৰ্ণিয়াত প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ নামত পথৰ নামাকৰণ

পুৰ্ণিয়াত ফ'ৰ্ড কোম্পানী চৌক আৰু মধুবনিৰ পৰা মাতা চৌকলৈ সংযোগী পথৰ নতুন নামাকৰণ । সদ্য় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামেৰে নামাকৰণ কৰা হৈছে পথৰ । পুৰ্ণিয়াৰ পৌৰ নিগমৰ মেয়ৰ সবিতা দেৱীয়ে উদ্বোধন কৰে নতুন নামাংকৃত পথটোৰ ।

author img

By

Published : Jul 10, 2020, 5:17 PM IST

Roads named after Sushant Singh Rajput in his hometown Purnia
Roads named after Sushant Singh Rajput in his hometown PurniaRoads named after Sushant Singh Rajput in his hometown Purnia

চিটাৰা ডেস্ক, 10 জুলাই : পুৰ্ণিয়াৰ নিবাসী সদ্য় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামত পথ উদ্বোধন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন পুৰ্ণিয়া বাসিন্দাৰ । পুৰ্ণিয়াৰ পৌৰ নিগমৰ মেয়ৰ সবিতা দেৱীয়ে উদ্বোধন কৰে নতুন পথটো । শুকুৰবাৰে মেয়ৰ সবিতা দেৱীৰ সভাপতিত্বত পৌৰ নিগমৰ স্থানীয় কমিটিৰ সদস্য়ৰ সৰ্ব সন্মতিক্ৰমে গৃহিত কৰা হয় এই প্ৰস্তাৱ ।

তেওঁ কয় যে, আমি জানো ৰাস্তা বা কোনো ঠাইৰ নাম সলনি কৰাটো এটা দীঘলিয়া প্ৰক্ৰিয়া । কিন্তু আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব আৰু সেই বাবেই আমি এইটো কাৰ্যকৰী কৰিছো ।

উল্লেখ্য যে, পৌৰ নিগমৰ স্থায়ী সমিতিয়ে ডলাৰ হাউছৰ পৰা মাতা চৌক আৰু ফ'ৰ্ড কোম্পানী চৌকলৈ যোৱা পথ সদ্য় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামেৰে নামাকৰণ কৰে ।

স্থানীয় বাসিন্দা সন্তোষ যাদৱে কয়, যিয়েই নহওক সুশান্ত পুৰ্ণিয়া কা লাল (মাটিৰ ল'ৰা) । তেওঁ সদায় এই অঞ্চলৰ সৈতে জড়িত হৈ থাকিব । অভিনেতাগৰাকীলৈ অঞ্চলবাসীৰ কৰফৰ পৰা প্ৰকৃত অৰ্থত এইয়া এক শ্ৰদ্বাঞ্জলি ।

বিগত 14 জুনত সুশান্ত সিং ৰাজপুতে তেওঁৰ বান্দ্ৰাস্থিতি বাসগৃহত আত্মহত্য়া কৰিছিল । জানিব পৰা মতে, দীৰ্ঘসময় ধৰি মানসিক অৱসাদত ভোগী আছিল অভিনেতাগৰাকী ।

লগতে পঢ়কঃ সফলতাৰ দৌৰত আগবাঢ়োতেই জীৱন হেৰুৱা শিল্পীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.