ETV Bharat / sitara

SSRৰ মৃত্যু বাৰ্ষিকীত আবেগিক হৈ পৰে ৰিয়া চক্ৰৱৰ্তী

সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অভিনেতাগৰাকীক স্মৰণ কৰিছে সুশান্তৰ চৰ্চিত প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty)য়ে ৷ সুশান্তৰ আত্মীয়, বন্ধুবৰ্গ আৰু অনুৰাগীৰ লগতে ছ’চিয়েল মিডিয়াযোগে সুশান্তক লৈ আবেগিক প’ষ্ট কৰিছে ৰিয়াই ৷

rhea chakraborty post on ssr death anniversary
সুশান্ত সিং ৰাজপুতক স্মৰণ ৰিয়া চক্ৰৱৰ্তীৰ
author img

By

Published : Jun 14, 2021, 7:28 PM IST

চিটাৰা ডেস্ক,14 জুন : বলীউডৰ বহু প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুট (Sushant Singh Rajput)ৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত দেশবাসীৰ লগতে আবেগিক হৈ পৰিছে সুশান্তৰ চৰ্চিত প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty) ৷ সুশান্তক স্মৰণ কৰি ছ’চিয়েল মিডিয়াযোগে এক আবেগিক প’ষ্ট শ্বেয়াৰ কৰে ৰিয়াই ৷ সূত্ৰ অনুসৰি, সুশান্ত আৰু ৰিয়াৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল যদিও সুশান্তৰ আত্মহত্যাৰ কিছুদিন পূৰ্বে দুয়োৰে সম্পৰ্কচ্ছেদ হৈছিল ৷

"এনে কোনো মূহুৰ্ত নাই, য’ত তুমি এতিয়া ইয়াত নাই বুলি মই বিশ্বাস কৰো । তুমি মোৰ সময় আৰু মোৰ সকলো আছিলা । মই জানো যে, তুমি মোক দূৰৰ পৰাই চাই আছা আৰু সুৰক্ষা দি আছা" । ইনষ্টাগ্ৰামযোগে এইদৰে সুশান্তৰ প্ৰতি থকা আবেগ শ্বেয়াৰ কৰে ৰিয়াই ৷

ৰিয়াই লিখিছে, "মই প্ৰতিদিনে তোমাৰ বাবে অপেক্ষা কৰোঁ ৷ সকলো ঠাইতে তোমাক বিচাৰো ৷ মই জানো তুমিত মোৰ সৈতে আছা" ৷ সামৰণিত সুশান্তক আটাইতকৈ বেছি মনত পেলোৱা বুলি উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : মঞ্চ এৰি পাচলি ব্যৱসায়ত নামি পৰা এগৰাকী কণ্ঠশিল্পী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.