ETV Bharat / sitara

ৰিয়া চক্ৰৱৰ্তীৰ সৈতে ৰাজীৱ লক্ষ্মণৰ ফটো শ্বেয়াৰ

author img

By

Published : Jan 8, 2021, 6:02 PM IST

Updated : Jan 8, 2021, 6:50 PM IST

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰে নাম সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে এক কঠিন সময় অতিক্ৰম কৰি টেলিভিছনৰ পৰা বিৰতি লৈ নিজৰ মাজলৈ উভতিছে । ৰাজীৱ লক্ষ্মণে তেওঁৰ ইনষ্টাগ্ৰামত ৰিয়াৰ সৈতে ফটো শ্বেয়াৰ কৰি ''My Girl''বুলি লিখে ।

ৰিয়া চক্ৰৱৰ্তীৰ সৈতে ৰাজীৱ লক্ষ্মণৰ ফটো শ্বেয়াৰ
ৰিয়া চক্ৰৱৰ্তীৰ সৈতে ৰাজীৱ লক্ষ্মণৰ ফটো শ্বেয়াৰ

চিটাৰা ডেস্ক, ৮ জানুৱাৰী: সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰে নাম সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে এক কঠিন সময় অতিক্ৰম কৰি টেলিভিছনৰ পৰা বিৰতি লৈ নিজৰ মাজলৈ উভতিছে । শেহতীয়াকৈ ৰিয়াই ৰাজীৱ লক্ষ্মণৰ পৰিয়ালৰ সৈতে মহাৰাষ্ট্ৰৰ মণ্ডৱাত ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে ।

প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত আইনী ব্যৱস্থাত ৰিয়া চক্ৰৱৰ্তীৰ নাম সাঙোৰ খোৱাৰ পিছৰে পৰা ৰিয়াই এক সাধাৰণভাৱে জীৱন অতিবাহিত কৰি আছে । সুশান্তৰ মৃত্যুৰ পিছতে ইয়াক হত্যাকাণ্ডৰ আখ্যা দি এই হত্যাৰে ৰিয়া জড়িত আৰু সুশান্তৰ বেংক একাউণ্টৰ ধন ৰিয়াই হৰলুকি কৰাৰো অভিযোগ উত্থাপন কৰা হৈছিল । ছ'চিয়েল মিডিয়াত ককৰ্থনাৰো সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকীয়ে ।

তিনিটাকৈ কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ আওতাত অহা ৰিয়াই ছচিয়েল মিডিয়াত যথেষ্ঠ আক্ৰোশমূলক,ককৰ্থনামূলক মন্তব্যৰ সন্মুখীন হ'বলগীয়া হৈছে । ইয়াৰোপৰি ড্ৰাগছ সম্বন্ধীয় অভিযোগতো বাইকুল্লা জেলতো ২৮ দিন কটাবলগীয়া হৈছে ৰিয়াই । ৰিয়াৰ জামিন মঞ্জুৰৰ চৰ্ত অনুসৰি ছয়মাহ পৰ্যন্ত প্ৰত্যেক মাহৰ প্ৰথমটো সোমবাৰে নাৰ্ক'টিক কন্ট্ৰ'ল ব্যুৰ'ৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব । চৰ্ত অনুসৰিয়েই সোমবাৰে ৰিয়াই NCB কাৰ্যালয়ত উপস্থিত হৈছিল ।

শেহতীয়াকৈ ছবি নিৰ্মাতা ৰুমী জাফেৰীয়ে ৰিয়াই ন্যায় লাভ কৰাৰ ক্ষেত্ৰত ইংগিত প্ৰকাশ কৰে । ইফালে ৰাজীৱ লক্ষ্মণে তেওঁৰ ইনষ্টাগ্ৰামত ৰিয়াৰ সৈতে ফটো শ্বেয়াৰ কৰি ''My Girl''বুলি লিখে । অৱশ্যে ৰাজীৱে কমেন্ট বক্স বন্ধ কৰি ৰাখে যাতে কোনোধৰণৰ সমালোচনামূলক মন্তব্য নকৰে ।

উল্লেখ্য যে, ৰুমী জাফেৰীৰ পৰৱৰ্তী ছবি 'চেহৰে'ত ৰিয়া চক্ৰৱৰ্তীৰ অভিনয় দৰ্শকে চাবলৈ পাব । এই ছবিখনত অমিতাভ বচ্চন আৰু ইমৰাণ হাচমীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক:'বিগ বি'ৰ লাডাখ ভ্ৰমণক লৈ উদ্বিগ্ন অনুৰাগী

Last Updated : Jan 8, 2021, 6:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.