ETV Bharat / sitara

SSRক স্মৰণ : উভতি যাওঁ অভিনেতাগৰাকীৰ ফিল্ম’গ্ৰাফীৰ মাজলৈ...

সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ ৷ প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ ফিল্ম’গ্ৰাফী (filmography)ৰ কিছু আভাষ...

author img

By

Published : Jun 14, 2021, 5:30 AM IST

Remembering SSR
SSRক স্মৰণ

চিটাৰা ডেস্ক,14 জুন : আজি বলীউডৰ বহুমুখী প্ৰতিভাশালী অভিনেতা প্ৰয়াত সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ক স্মৰণ ৷ অতি কম সময়ৰ ভিতৰতে ৰূপালী পৰ্দাত অভিনয়েৰে চমক সৃষ্টি কৰিছিল সুশান্তে ৷

sushant as a dancer
নৃত্যশিল্পীৰ ৰূপত সুশান্ত

বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰা মেধাৱী সুশান্ত সিং ৰাজপুতে দিল্লী কলেজ অৱ ইঞ্জিনিয়াৰিং (Delhi College of Engineering)ৰ পৰা অভিযন্তাৰ শিক্ষা লাভ কৰিছিল ৷ ইয়াৰ পাচতে থিয়েটাৰত নৃত্য প্ৰতিভাৰে সকলোকে মোহিত কৰি অৱশেষত অভিনয়ক জীৱনৰ লক্ষ্য হিচাপে বান্ধি লৈছিল ৷

sushant as a dancer
নৃত্যশিল্পীৰ ৰূপত সুশান্ত

নৃত্যক এক নিচা হিচাপে লৈ সুশান্তে বহু মঞ্চত চমক দেখুৱাবলৈ সক্ষম হৈছিল ৷ 2010 চনত নৃত্যৰ ৰিয়েলিটি শ্ব’ (Dance Reality Show) ‘Zara Nachke Dikha’ আৰু ‘Jhalak Dikhhla Jaa 4’ত অংশগ্ৰহণ কৰিছিল সুশান্তে ৷

sushant as a dancer
নৃত্যশিল্পীৰ ৰূপত সুশান্ত

পৰৱৰ্তী সময়ত সুশান্তে টেলিভিশ্বন প্ৰযোজক একতা কাপুৰ (Ekta Kapoor)ৰ জনপ্ৰিয় টিভি চিৰিয়েল (TV Soap) ‘Pavitra Rishta’ত অভিনেত্ৰী অংকিতা লোখণ্ডে (Ankita Lokhande)ৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰা সুযোগ লাভ কৰিছিল ৷ চিৰিয়েলখনত মুখ্য চৰিত্ৰ ‘Manav Deshmukh’ৰ ভূমিকা পালন কৰিছিল অভিনেতাগৰাকীয়ে ৷ এই চৰিত্ৰটোৰ বাবে সুশান্তে বহুকেইটা বঁটা (Award) লাভ কৰিছিল ৷

sushant in Pavitra Rishta
Pavitra Rishtaত সুশান্ত

চিৰিয়েলখনত অভিনয় কৰি থকাৰ মাজতে সুশান্তে বলীউডৰ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল ৷ 2013 চনত অভিষেক কাপুৰ (Abhishek Kapoor)ৰ ‘Kai Po Che’ ছবিখনেৰে বলীউডত প্ৰথম খোজ পেলাইছিল সুশান্ত সিং ৰাজপুতে ৷ ছবিখনত অভিনেতা ৰাজকুমাৰ ৰাও (Rajkummar Rao) আৰু অমিত চাধ (Amit Sadh)ৰ সৈতে তৃতীয়টো মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছিল সুশান্তে ৷ ছবিখন বিশিষ্ট লেখক চেটন ভগত (Chetan Bhagat)ৰ উপন্যাস ‘The 3 Mistakes of My life’ৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল ৷

sushant in Kai Po Che
Kai Po Cheত সুশান্ত

দ্বিতীয়খন ছবি ‘Shuddh Desi Romance’ত অভিনেত্ৰী পৰিণীতি চোপ্ৰা (Parineeti Chopra) আৰু বাণী কাপুৰ (Vaani Kapoor)ৰ সৈতে অভিনয় কৰিছিল সুশান্তে ৷ ছবিখনত এজন মৰমীয়াল যুৱকৰ অভিনয়েৰে নিজৰ অভিনয় প্ৰতিভাক ন্যায় দিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে ৷

sushant in Shuddh Desi Romance
Shuddh Desi Romanceত সুশান্ত

ইয়াৰ পাচত পৰিচালক ৰাজকুমাৰ হিৰাণী (Rajkumar Hirani)ৰ ‘PK’ত আমীৰ খান (Aamir Khan) আৰু অনুষ্কা শৰ্মা (Anushka Sharma)ৰ সৈতে অভিনয় কৰিছিল সুশান্তে ৷ ছবিখনত মাথো এটি কেমিঅ’ (Cameo) চৰিত্ৰ ৰূপায়ণ কৰি সকলোকে মোহিত কৰিছিল অভিনেতাগৰাকীয়ে ৷

sushant in PK
PKত সুশান্ত

শ্বাৰাদিন্দু বন্দোপাধ্যায় (Sharadindu Bandyopadhyay)ৰ বঙালী কথাৰে দিবাকৰ বেনাৰ্জী (Dibakar Banerjee)ৰ ‘Detective Byomkesh Bakshy’ ছবিখনেৰে সুশান্তে ৰূপালী পৰ্দাৰ অন্যতম আইক’নিক (Iconic) চৰিত্ৰ ৰূপায়ণ কৰাৰ সুযোগ লাভ কৰিছিল ৷

sushant in Detective Byomkesh Bakshy
Detective Byomkesh Bakshyত সুশান্ত

‘MS Dhoni: The Untold Story’ ছবিখনেৰে পুনৰ এবাৰ বলীউডত চৰ্চা লাভ কৰিছিল সুশান্তে ৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni)ৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এই ছবিখনত মুখ্য চৰিত্ৰ অৰ্থাৎ ধোনীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল সুশান্তে ৷ প্ৰায় সকলো দৰ্শকে ছবিখন ভালপোৱাই নহয়, 2016 চনত এই ছবিখনে সৰ্বাধিক উপাৰ্জনকাৰী বলীউড ছবি হিচপে পৰিগণিত হৈছিল ৷ লগতে সুশান্তৰ প্ৰশংসনীয় অভিনয়ৰ বাবে সুশান্তে ফিল্মফেয়াৰ এৱাৰ্ড (Filmfare Award)ত ‘শ্ৰেষ্ঠ অভিনেতা’ (Best Actor) হিচাপে মনোনীত হৈছিল ৷

sushant in MS Dhoni: The Untold Story
MS Dhoni: The Untold Storyত সুশান্ত

2017 চনত তেওঁ দীনেশ বিজন (Dinesh Vijan)ৰ ‘Raabta’ ছবিখনত অভিনেত্ৰী কৃতী চানন (Kriti Sanon)ৰ সৈতে অভিনয় কৰিছিল ৷ ছবিখনে দৰ্শকৰ মাজত বিপুল সঁহাৰি লাভ নকৰিলেও ছবিখনত সুশান্তৰ অভিনয় শলাগিবলীয়া আছিল ৷

sushant in Raabta
Raabtaত সুশান্ত

2018 চনত মুক্তিলাভ কৰা ‘Kedarnath’ ছবিখনেৰে অন্য এক প্ৰশংসা লাভ কৰিছিল সুশান্তে ৷ যদিও অভিনেত্ৰী চাৰা আলী খান (Sara Ali Khan)ৰ প্ৰথম ছবি হিচাপে চাৰাই সকলোৰে মনোযোগ আকৰ্ষণ লাভ কৰিছিল, কিন্তু সুশান্তে ‘Mansoor’ চৰিত্ৰটোৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

sushant in Kedarnath
Kedarnathত সুশান্ত

ইয়াৰ পাচত 1970 চনৰ জনজীৱন আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ‘Sonchiriya’ ছবিখনত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে ৷ ছবিখনত ‘Lakhna’ চৰিত্ৰটোৰে পুনৰবাৰ নিজৰ উৎকৃষ্ট অভিনয় দৰ্শকৰ আগত দাঙি ধৰিছিল অভিনেতাগৰাকীয়ে ৷

sushant in Sonchiriya
Sonchiriyaত সুশান্ত

2019 চনত মুক্তিলাভ কৰা ‘Chhichhore’ ছবিখনত ৰূপায়ণ কৰা চৰিত্ৰটোৰে সুশান্তে নৱ প্ৰজন্মলৈ বহুকেইটা বাৰ্তা প্ৰেৰণ কৰিছিল ৷ এগৰাকী পিতৃৰ চৰিত্ৰৰে পুত্ৰক প্ৰদান কৰা বাৰ্তা যেনে- মানসিক অশান্তি পালে হতাশ হ’ব নালাগে আদিৰে যুৱ দৰ্শকৰ মন আপ্লুত কৰিছিল সুশান্তে ৷ এই ছবিখনে সুশান্তক তেওঁৰ কলেজৰ দিনৰ কথা সোঁৱৰাই দিছিল ৷

sushant in Chhichhore
Chhichhoreত সুশান্ত

সুশান্ত সিং ৰাজপুতৰ অন্তিম ছবি ‘Dil Bechara’ ছবিখন বিগত বৰ্ষৰ জুলাই মাহত Disney+ Hotstarত মুক্তিলাভ কৰিছিল ৷ এই ছবিখন দৰ্শক আৰু সুশান্তৰ অনুৰাগীসকলৰ বাবে এক আবেগৰ লেখীয়া আছিল ৷ কিয়নো ছবিখন সুশান্তৰ মৃত্যুৰ পাচত সুশান্তক সুঁৱৰি মুক্তি দিয়া হৈছিল ৷ হয়তো কোনো লোকেই গম পোৱা নাছিল যে, এই ছবিখন সুশান্তৰ জীৱনৰ আৰু অনুৰাগীসকলৰ প্ৰিয় অভিনেতাগৰাকীৰ অন্তিমখন ছবি হ’ব ৷

লগতে পঢ়ক : ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বলীউডৰ বাদশ্বাহে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.