ETV Bharat / sitara

৩৮ বছৰত ভৰি দিলে অভিনেতা ৰণবীৰ কাপুৰে

author img

By

Published : Sep 28, 2020, 10:45 AM IST

৩৮ বছৰীয়া হ'ল জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। ওপজা দিনত জ্যেষ্ঠ ভগ্নী ৰিদ্ধিমাই শুভেচ্ছা জনালে ভাতৃ ৰণবীৰক। ইনষ্টাগ্ৰাম পোষ্টযোগে ভাতৃৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি শুভকামনা যাচিলে ৰিদ্ধিমাই।

জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ জন্মদিন
জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ জন্মদিন

চিটাৰা ডেস্ক, ২৮ছেপ্টেম্বৰ: বলীউড অভিনেতা ৰণবীৰ কাপুৰৰ আজি জন্মদিন। ভাতৃৰ ওপজা দিনত ছ'ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি মৰম যাচিলে জ্য়েষ্ঠ ভগ্নী ৰিদ্ধিমা কাপুৰ সাহানীয়ে। আজি ৩৮ বছৰ সম্পূৰ্ণ হ'ল জনপ্ৰিয় অভিনেতাগৰাকীৰ। ভাতৃ ৰণবীৰৰ সৈতে উঠা ফটো ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰি জন্মদিনৰ শুভকামনা জনালে ভগ্নী ৰিদ্ধিমাই। ফটোকেইখনৰ ভিতৰত ৰণবীৰ-ৰিদ্ধিমাৰ পিতৃ তথা প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ এখন ফটোও ৰিদ্ধিমাই শ্বেয়াৰ কৰিছে।

চ'ছিয়েল মিডিয়াযোগে ওপজা দিনটোত অভিনেতাগৰাকীলৈ শুভেচ্ছা জনাইছে অনুৰাগীয়ে। উল্লেখ্য যে, 'চঞ্জু' ছবিৰ অভূতপূৰ্ব সফলতাৰ পিছত 'ব্ৰহ্মাস্ত্ৰ'ত এক নতুন ৰূপত ছবিত দেখা পোৱা যাব ৰণবীৰক। আলিয়া ভাট আৰু অমিতাভ বচ্চনেও অভিনয় কৰিব 'ব্ৰহ্মাস্ত্ৰ'ত।

লগতে পঢ়ক : জন্মদিন বিশেষঃ লতা মংগেশকাৰৰ যাদুকৰী কন্ঠৰে নিগৰা শ্ৰেষ্ঠ গীতসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.