চিটাৰা ডেস্ক,30 ডিচেম্বৰ : বলিউডৰ চৰ্চিত যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে সম্ভৱতঃ এক সুখবৰৰ সৈতে 2020 বৰ্ষক বিদায় দিব ৷ কিয়নো মঙলবাৰে এংগেজমেণ্ট অৰ্থাৎ আঙুঠি পিন্ধোৱা পৰ্বৰ বাবে ৰাজস্থানৰ ৰাংথামবোৰৰ হোটেলত উপস্থিত হৈছে ৰণবীৰ-আলিয়া ৷
মঙলবাৰে পুৱাৰ ভাগত ৰণবীৰক আলিয়া,ৰণবীৰৰ মাতৃ নিতু কাপুৰ,ভনী ৰিদ্ধিমা কাপুৰ চাহানী আৰু ৰিদ্ধিমাৰ কন্যা চামাৰাৰ সৈতে মুম্বাইৰ কালিনা বিমানবন্দৰত প্ৰত্যক্ষ কৰা হৈছে ৷ কিছুসময় পাচতে ৰণবীৰ সিং আৰু দীপিকা পাডুকনকো জয়পুৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হয় ৷ সূত্ৰই জনোৱা মতে,আলিয়াৰ ঘনিষ্ঠ তথা ছবি নিৰ্মাতা কৰণ জোহৰেও এই পৰ্বত অংশ ল’ব ৷
ইফালে ৱেবলইডৰ প্ৰতিবেদনত উল্লেখিত অনুসৰি,ৰণবীৰ,আলিয়া আৰু তেওঁলোকৰ পৰিয়ালে ৰাংথামবোৰৰ অমন হোটেলত উপস্থিত হৈছে ৷ দুয়োৰে পৰিয়ালে একেলগে থকাৰ ফটো ভাইৰেল হোৱাৰ পাচতে ৰণবীৰ-আলিয়াৰ এংগেজমেণ্টৰ বাতৰিয়ে অধিক চৰ্চা লাভ কৰিছে ৷ নিতু কাপুৰেও পুত্ৰ ৰণবীৰ আৰু ৰণবীৰ সিঙৰ সৈতে ইনষ্টাগ্ৰামযোগে এখন ফটো শ্বেয়াৰ কৰে ৷
ভাইৰেল হোৱা এই বাতৰি বাস্তৱত পৰিণত হোৱাক লৈ সকলো আশাবাদী ৷ কিয়নো ৰণবীৰে শেহতীয়া সাক্ষাৎকাৰত তেওঁ আলিয়াৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ এক ইংগিত প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে