চিটাৰা ডেস্ক,5 জুলাইঃ ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ ৰাম গোপাল বৰ্মা আৰু নিৰ্মাতা নট্টী কৰুণাৰ বিৰুদ্ধে তেলেংগানাৰ নলগৌণ্ডা জিলাৰ মিৰয়ালাগুডা টাউন-1 পুলিচ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷
আদালতত গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ দিছে পি.বালাস্বামীয়ে ৷ 2018 চনত বালাস্বামীৰ পুত্ৰ প্ৰণয় কুমাৰক তেওঁৰ শহুৰেকে হত্যা কৰিছিল ৷ প্ৰণয় কুমাৰ দলিত হোৱাৰ বাবে শহুৰেকে তেওঁৰ জীয়েকক বিয়া পতাৰ বাবে ভাল পোৱা নাছিল প্ৰণয়ক ৷
-
This is going to be a heart wrenching story based on the Amrutha and Maruthi Rao saga of the DANGERS of a father LOVING a daughter too much ..Launching the poster of a SAD FATHER’S film on HAPPY FATHER’S DAY #MURDERlove pic.twitter.com/t5Lwdz3zGZ
— Ram Gopal Varma (@RGVzoomin) June 21, 2020 " class="align-text-top noRightClick twitterSection" data="
">This is going to be a heart wrenching story based on the Amrutha and Maruthi Rao saga of the DANGERS of a father LOVING a daughter too much ..Launching the poster of a SAD FATHER’S film on HAPPY FATHER’S DAY #MURDERlove pic.twitter.com/t5Lwdz3zGZ
— Ram Gopal Varma (@RGVzoomin) June 21, 2020This is going to be a heart wrenching story based on the Amrutha and Maruthi Rao saga of the DANGERS of a father LOVING a daughter too much ..Launching the poster of a SAD FATHER’S film on HAPPY FATHER’S DAY #MURDERlove pic.twitter.com/t5Lwdz3zGZ
— Ram Gopal Varma (@RGVzoomin) June 21, 2020
বালাস্বামীয়ে বিগত বছৰতে ছবিখনৰ ওপৰত প্ৰতিবন্ধকতা লগাবৰ বাবে আদালতত অনুৰোধ জনাইছিল ৷ তেওঁ কৈছিল প্ৰণয় আৰু তেওঁৰ বোৱাৰী অমৃতাৰ ফটো বিনা অনুমতিত ব্যৱহাৰ কৰিছিল ছবি নিৰ্মাতাই ৷
দলিত সম্প্ৰদায়ৰ 24বছৰীয়া প্ৰণয়ক 2018 চনত মিৰয়ালাগুডাত দিন দুপৰতে হত্যা কৰা হৈছিল ৷ সেই সময়ত প্ৰণয়ে মাতৃ আৰু পত্নীৰ সৈতে ব্যক্তিগত হাস্পতালৰ পৰা বাহিৰলৈ ওলাই আহিছিল ৷ পত্নী অন্তঃসত্বা হৈ থকা হেতুকে তেওঁলোকে হাস্পতালত চেক আপৰ বাবে গৈছিল আৰু হাস্পতালৰ পৰা ওলাই আহোতেই এই নৃশংস ঘটনা সংঘটিত হয় ৷ এই নৃশংস হত্যাৰ সকলোখিনি ফুটেজ আৱদ্ধ হৈছিল চি.চি টি.ভি কেমেৰাত ৷
বৰ্মাই বিগত মাহত ঘোষণা কৰিছিল যে, তেওঁ মাৰুতি ৰাও আৰু তেওঁৰ জীয়েকৰ ওপৰত মাৰ্ডাৰ নামৰ এখন ছবি নিৰ্মাণ কৰিব ৷
21 জুনৰ দিনা ৰাম গোপাল বৰ্মাই টুইট কৰিছিল ,"This is going to be a heart wrenching story based on the Amrutha and Maruthi Rao saga of the DANGERS of a father LOVING a daughter too much ..Launching the poster of a SAD FATHER’S film on HAPPY FATHER’S DAY #MURDERlove"
অমৃতা এতিয়াও স্বামীৰ ঘৰত থাকে আৰু ৰাম গোপাল বৰ্মাই ছবি নিৰ্মাণৰ বাবে লোৱা এই সিদ্ধান্তক তেওঁলোকে সহজ ভাৱে ল'ব পৰা নাই ৷ সেয়ে ছবিখনৰ ওপৰত আইনী বাধা আৰোপ কৰি ছবি নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পি.বালাস্বামীয়ে ৷
লগতে পঢ়কঃ মাষ্টাৰজী সৰোজ খানৰ কিছু আকৰ্ষণীয় ফটো