ETV Bharat / sitara

Video Viral : ৰাখীয়ে দলিয়ালে লাঠী - Tokyo Olympic 2020

সততে বিৰ্তকৰ মাজত সোমাই পৰা ৰাখী সাৱন্তে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিব ভালদৰেই জানে । কিছুদিন পূৰ্বে বিগ বছ-১৪ (BIG BOSS-14) ত ৰাখীয়ে দৰ্শকক মনোৰঞ্জন দিয়া পৰিলক্ষিত হৈছিল ৷ এইবাৰ ৰাখীৰ আন এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে । এই ভিডিঅ’টোত তেওঁৰ অনুৰাগীয়ে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এজন দৰ্শকেতো ৰাখীক পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিধিনিত্ব কৰিব বুলি কৰিলে মন্তব্য ৷

rakhi-sawant-does-javelin-throw-on-street-video-goes-viral-on-social-media
নীৰজ চোপ্ৰাক অনুকৰণ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল ৰাখী
author img

By

Published : Aug 10, 2021, 4:12 PM IST

চিটাৰা ডেস্ক, 10 আগষ্ট : দেখাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা ৷ এই আপ্তবাক্যশাৰী আপোনাৰ নিশ্চয় মনত আছে ৷ শেহতীয়াকৈ এই যোজনাটো কাৰ্যত পৰিণত কৰিলে ৰাখী সাৱন্তে ৷ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাকটো জানেই ৷ তেওঁতো এতিয়া প্ৰায় সংখ্যকৰে ক্ৰাছ হৈ পৰিছে ৷ পিচে, এইবাৰ ৰাখী সাৱন্তে কৰিলে এনে কাম, যাৰ বাবে ক্ৰাছ নহৈ ৰাখী হৈ পৰিল ভাইৰেল ৷

চ’ছিয়েল মিডিয়াত ধুমুহা গতিৰে ভাইৰেল হৈছে ৰাখী সাৱন্তৰ এটা ভিডিঅ’ ৷ নিজকে সদায় চৰ্চাৰ শীৰ্ষ ৰাখিব খোজাতো অৱশ্যে ৰাখীৰ এক প্ৰকাৰৰ নিচা বুলিয়েই ক’ব লাগিব ৷ কিবা নহয় কিবা উপায়েৰে চৰ্চালৈ আহেই ৰাখী ৷ এইবাৰ নীৰজ চোপ্ৰাক অনুসৰণ কৰি ৰাখীয়ে দলিয়ালে জেভলিন ৷

নীৰজ চোপ্ৰাক অনুকৰণ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল ৰাখী

খেল পথাৰৰ পৰিৱৰ্তে পথৰ মাজতেই জেভলিন দলিয়াই ভিডিঅ’ কৰিলে ৰাখী সাৱন্তে ৷ অ’ ৰব, জেভলিন বুলি ক’লে ভুল হ’ব, আচলতে ৰাখীয়ে দলিয়ালে এডাল লাঠী ৷ ভিডিঅ’ চ’ছিয়েল মিডিয়াত আপলোড হ’বলৈ পালে কি নাই, বিয়পি পৰিল চৌদিশে ৷

লাঠী দলিয়াই ৰাখীয়ে ক’লে মই চেষ্টাটো কৰিলো আৰু ভালদৰে দলিয়ালো ৷ ইয়াৰ লগতে ৰাখীয়ে জয় হ’ আৰু জয় হিন্দৰো শ্ল’গান দিয়ে । এন্দুৰে নো কি বুজিব সেন্দুৰৰ মোল ৷ ইয়াৰ পাছত তেওঁ অনুৰাগীসকলক বিদায় জনায় উভতি যায় ৷

সম্প্ৰতি ৰাখী সাৱন্তৰ এই ভিডিঅ'টো চ’ছিয়েল মিডিয়াত ব্যাপকভাবে ভাইৰেল হৈ পৰিছে । এজন অনুৰাগীয়ে লিখিছে, 'হৃদয়ৰ পৰা পৰিষ্কাৰ । কিন্তু নাটক কুইনতকৈ বহুত বেছি' । বহু অনুৰাগীয়ে ৰাখী সাৱন্তক মৰম লগা বুলি মন্তব্য কৰে ৷ এগৰাকী অনুৰাগীয়ে লিখিছে, ৰাখী ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ গৈ আছে ।

কিছুমান অনুৰাগীয়ে আনকি তেওঁক ট্ৰ'ল কৰিবলৈ চেষ্টা কৰিছে ৷ কিন্তু এইটো বিশ্বাস কৰিব লাগিব যে ৰাখী সাৱন্ত সদায়েই তাইৰ বিন্দাছ ষ্টাইলৰ সৈতে ওলাই আহে । ৰাখী য'তেই থাকক কিয় তাইৰ নিজৰ মন্তব্য আৰু কৰ্মৰাজিৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰে । সেয়েহে ৰাখীয়ে সদায়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে ।

লগতে পঢ়ক : Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.