ETV Bharat / sitara

পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ - Raj Kundras bail

পৰ্ণ’গ্ৰাফী(Pornography) ৰ গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাই(Raj Kundra) শনিবাৰে এখন আদালতত জামিন আবেদন দাখিল কৰে ৷ তেওঁ নিজকে নিৰ্দোষী বুলি দাবী উত্থাপন কৰে ৷ তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই, সেইবাবে আদালতৰ পৰা জামিন বিচাৰিছে কুন্দ্ৰাই ৷ শেহতীয়াকৈ মুম্বাই অপৰাধ শাখাই(Mumbai Crime Branch) ৰাজ কুন্দ্ৰা আৰু গোচৰত অভিযুক্ত আন তিনিজনৰ বিৰুদ্ধে এক চাৰ্জশ্বীট দাখিল কৰিছিল । সোমবাৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে ৷

Raj Kunraj kundras plea for baildra
Raj Kundraৰাজ কুন্দ্ৰাৰ জামিন আবেদন দাখিল
author img

By

Published : Sep 19, 2021, 1:41 PM IST

চিটাৰা ডেস্ক, 19 ছেপ্তেম্বৰ : শনিবাৰে আদালতৰ পৰা জামিন বিচাৰি নিজকে নিৰ্দোষী আখ্যা দিয়ে পৰ্ণ’গ্ৰাফী(Pornography) গোচৰত অভিযুক্ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাই(Raj Kundra) ৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীটত কুন্দ্ৰাৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰে ৷

গোচৰটোৰ তদন্ত কৰি থকা মুম্বাই অপৰাধ শাখাই(Mumbai Crime Branch) শেহতীয়াকৈ কুন্দ্ৰা আৰু গোচৰত অভিযুক্ত আন তিনিজনৰ বিৰুদ্ধে এখন পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিছিল । ইয়াৰ পাচতে কুন্দ্ৰাই জামিনৰ বাবে মেট্ৰ’পলিটন আদালতৰ(Metropolitan Court) কাষ চাপে আৰু গোচৰটোৰ তদন্ত প্ৰায় শেষ হোৱা বুলি মন্তব্য কৰে ৷

বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ(Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আই পি চি আৰু তথ্য প্ৰযুক্তি আইনৰ(PC and Information Technology Act) অধীনত গোচৰ ৰুজু কৰাৰ পাচত 19 জুলাইত আটক কৰিছিল মুম্বাই আৰক্ষীয়ে । সম্প্ৰতি ন্যায়িক জিম্মাত আছে কুন্দ্ৰা ।

অধিবক্তা প্ৰশান্ত পাটিলৰ জৰিয়তে দাখিল কৰা জামিনত কুন্দ্ৰাই দাবী কৰে যে, এতিয়ালৈকে তেওঁক আটক কৰা গোচৰত তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই আৰক্ষীয়ে ৷ আনকি কুন্দ্ৰাৰ ‘Hotshots’ এপটোতো কোনো আপত্তিজনক তথ্য লাভ নকৰা বুলি দাবী কৰে আটকাধীন কুন্দ্ৰাই ৷

এক অনুসন্ধান সংস্থাই জনোৱা মতে, হটশ্বটছ এপটোৰ জৰিয়তে কুন্দ্ৰাই অভিযুক্তজনে পৰ্ণ ভিডিঅ’ আপলোড কৰিছিল । জামিন আবেদনত এইটোও উল্লেখ কৰা আছে যে, কুন্দ্ৰাই এই এপটোত কেতিয়াও সক্ৰিয়ভাৱে জড়িত থকাৰ প্ৰমাণ লাভ কৰা নাই আৰক্ষীয়ে ৷

দৰাচলতে, এই এপটোৰ জৰিয়তে ভিডিঅ’ আপলোড কৰাৰ ক্ষেত্ৰত অভিনেতা-অভিনেত্ৰীসকলে ব্যক্তিগতভাৱে সমৰ্থন আগবঢ়ায় ৷ কেৱল অভিযোগৰ বিষয়বস্তুৱে কুন্দ্ৰাক কোনোপধ্যেই দোষী সাব্যস্ত নকৰে বুলি জামিন আবেদনখনত দাবী কৰা হৈছে ৷ লগতে উল্লেখ আছে যে, এই গোচৰটোত কুন্দ্ৰাক মিছাকৈ জড়িত কৰোৱা হৈছে ৷ অৰ্থাৎ পৰ্ণ’গ্ৰাফীৰ এই গোচৰত মিছা অভিযুক্তৰ বলি হ’বলগীয়া হৈছে ৰাজ কুন্দ্ৰা ৷

আনকি সন্দেহজনক পৰ্ণ’ ভিডিঅ’ আপলোড কৰা বিষয়তো জড়িত নহয় ৰাজ কুন্দ্ৰা ৷ কুন্দ্ৰাই দাখিল কৰা এই জামিন আবেদনৰ সোমবাৰে শুনানি গ্ৰহণ কৰিব আদালতে ৷

লগতে পঢ়ক: দিব্যা আগৰৱালাৰ শিৰত Bigg Boss OTT ৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.