ETV Bharat / sitara

COVID-১৯ ত আক্ৰান্ত অভিনেতা আৰ মাধৱন - 'থ্ৰি ইডিয়টছ' ছবিৰ

বৃহস্পতিবাৰে অভিনেতা আৰ মাধৱনে টুইটযোগে প্ৰকাশ কৰে যে, তেওঁ COVID-১৯ ত আক্ৰান্ত হৈছে । লাহে লাহে সুস্থ হৈ উঠিছে বুলি তেওঁ জানিবলৈ দিয়ে । 'থ্ৰি ইডিয়টছ' ছবিৰ চৰিত্ৰৰ বিষয়ে উল্লেখ কৰি তেওঁ টুইটত লিখিছে যে, ভাইৰাছে সদায়ে তেওঁলোকৰ পিছ এৰা নাছিল, কিন্তু এইবাৰ তেওঁলোকে ভাইৰাছৰ পৰা ৰক্ষা নাপালে ।

COVID-১৯ত আক্ৰান্ত অভিনেতা আৰ মাধৱন
COVID-১৯ত আক্ৰান্ত অভিনেতা আৰ মাধৱন
author img

By

Published : Mar 25, 2021, 8:37 PM IST

চিটাৰা ডেস্ক, ২৫ মাৰ্চ: COVID-১৯ত আক্ৰান্ত হ'ল অভিনেতা আৰ মাধৱন । বৃহস্পতিবাৰে 'থ্ৰি ইডিয়টছ' ছবিৰ চৰিত্ৰৰ উদ্ধৃতি দি আৰ মাধৱনে মহামাৰীত আক্ৰান্ত হোৱাৰ কথা টুইটযোগে শ্বেয়াৰ কৰে । 'থ্ৰি ইডিয়টছ' ছবিত মেগাষ্টাৰ আমিৰ খানৰ সৈতে একেলগে কাম কৰা মাধৱনে টুইটত লিখিছে যে, 'প্ৰথমে আমিৰ খান অৰ্থাৎ ৰেঞ্চো মহামাৰীৰ কবলত পৰিছে । ৰেঞ্চোক ফাৰহানে অনুসৰণ কৰিবই লাগিব ।

লগতে ভাইৰাছে সদায়ে তেওঁলোকৰ পিছ এৰা নাছিল, কিন্তু এইবাৰ তেওঁলোকে ভাইৰাছৰ পৰা ৰক্ষা নাপালে' । আনহাতে এইবাৰ COVID-১৯ ত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত তেওঁলোকে ৰাজুৰ চৰিত্ৰত অভিনয় কৰা ছৰমন যোশীক বিচৰা নাই বুলি লিখিছে অভিনেতাগৰাকীয়ে । লগতে অনুৰাগীয়ে দিয়া মৰমৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । আমিৰ খান সংক্ৰমিত হোৱাৰ এদিন পিছতে আৰ মাধৱনৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, ২০০৯ চনত মুক্তি লাভ কৰা ৰাজকুমাৰ হিৰাণীৰ 'থ্ৰি ইডিয়টছ' ছবিখনত আমিৰ খানে 'ৰেঞ্চো', আৰ মাধৱনে 'ফাৰহান' আৰু চৰমন যোশীয়ে 'ৰাজু'ৰ চৰিত্ৰত অভিনয় কৰিছিল । আনহাতে, বমন ইৰাণীয়ে 'ভিৰু সহস্ত্ৰবুদ্ধি'ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যাক 'ভাইৰাছ' বুলি উপনাম দিয়া হৈছিল । শেহতীয়াকৈ মাধৱনে ভূপালত চলি থকা 'আমৰিকী পণ্ডিত'ৰ দৃশ্যগ্ৰহণস্থলীৰ ফটো ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি "ৰণুৱা"ৰ পৰিচালক চন্দ্ৰ মুদৈৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.