ETV Bharat / sitara

বাহুবলী-3 সন্দৰ্ভত প্ৰভাসে দিলে ভাল খবৰ

author img

By

Published : Mar 4, 2022, 10:15 PM IST

বাহুবলী খ্যাত প্ৰভাসে প্ৰকাশ কৰিছে ছবিখনৰ পৰৱৰ্তী খণ্ড সন্দৰ্ভত বিশেষ তথ্য (Prabhas hints at Baahubali 3) ৷ স্বাভাৱিকতেই বাহুবলীৰ অনুৰাগীৰ মাজত প্ৰভাসৰ এই ভাল খবৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জানো আহক কি কৈছিল প্ৰভাসে ৷

Bahubali 3 update
নিৰ্মাণ হ’ব নেকি বাহুবলী থ্ৰি?

চিটাৰা ডেস্ক, 4 মাৰ্চ: এছ এছ ৰাজামৌলীয়ে তেওঁৰ চুপাৰহিট ফ্ৰেঞ্চাইজি বাহুবলীৰ পৰৱৰ্তী খণ্ড অনুৰাগীৰ ওচৰলৈ পুনৰ লৈ আহিব ৷ এই কথা প্ৰকাশ কৰিলে খোদ বাহুবলী খ্যাত প্ৰভাসে ৷ বাহুবলীৰ জৰিয়তে সমগ্ৰ দেশতে খ্যাতি অৰ্জন কৰা অভিনেতাজনে কয় যে, পৰিচালক আৰু প্ৰযোজকসকলে কেতিয়াও এই ফ্ৰেঞ্চাইজি এৰিব নোৱাৰে ৷ সেয়ে অনুৰাগীসকলে ভৱিষ্যতে বাহুবলী ৩ ৰ বাবে আশা কৰাৰ থল আছে (Prabhas statement on Bahubali 3) ।

মন কৰিব লগীয়া যে, প্ৰভাস (Bahubali fame Prabhas) সম্প্ৰতি ব্যস্ত আছে তেওঁৰ আহিবলগীয়া ছবি 'ৰাধে শ্যাম'ৰ প্ৰচাৰত । যদিও 'বাহুবলী: দ্য কনক্লুজন'ৰ দ্বিতীয় অংশ মুক্তি পোৱা চাৰি বছৰৰো অধিক হ'ল, দৰ্শকে এতিয়াও আশা কৰে বাহুবলীৰ তৃতীয় খণ্ডৰে আকৌ খলকনি তুলিব টীম বাহুবলীয়ে ৷

ৰাধে শ্যামৰ প্ৰচাৰৰ সময়ত বাহুবলী ফ্ৰেঞ্চাইজিৰ তৃতীয় খণ্ডৰ বিষয়ে অনুৰাগীয়ে প্ৰভাসক প্ৰশ্ন সুধিছিল । উত্তৰত অভিনেতাজনে কৈছিল যে তেওঁ ৰাজামৌলীৰ সৈতে সকলো কথা পাতিলেও তেওঁ ছবিৰ প্ৰসংগত একো আলোচনা নকৰে । লগতে তেওঁ জনালে যে ছবি সন্দৰ্ভত তেওঁ কাৰোৰে সৈতে একো কথা নাপাতে ৷

অৱশ্যে, ৪২ বছৰীয়া অভিনেতাজনে বাহুবলীৰ অনুৰাগীসকলক উদ্দেশ্যি কয় যে, ৰাজামৌলী আৰু বাহুবলীৰ প্ৰযোজক শ্ববু য়াৰলাগাড্ডাৰে কেতিয়াও বাহুবলী এৰিব নিবিচাৰে (Bahubali series) । গতিকে, নিশ্চিতভাৱে কিবা এটা হোৱাৰ সম্ভাৱনা আছে (Bahubali 3 update) ৷

ইফালে, প্ৰভাস ইতিমধ্যেই ৰাধে শ্যামৰ মুক্তিৰ বাবে সাজু হৈছে (Prabhas new film)। বহুভাষিক প্ৰেম কাহিনীৰ ছবিখন ১৯৭০ ৰ দশক এটা কাহিনীৰ আধাৰত ইউৰোপত নিৰ্মাণ কৰা হৈছে ৷ প্ৰভাসে বিক্ৰমাদিত্যৰ চৰিত্ৰত অভিনয় কৰিছে য'ত পূজা হেগড়েই বিক্ৰমাদিত্যৰ প্ৰেমিকা প্ৰেৰণাৰ চৰিত্ৰত অভিনয় কৰিছে । ৰাধা কৃষ্ণ কুমাৰৰ দ্বাৰা পৰিচালিত আৰু কোটাগিৰি ভেঙ্কটেশ্বৰ ৰাওৰ দ্বাৰা সম্পাদিত এই ছবিখন ১১ মাৰ্চত বিশ্বব্যাপী মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: Randeep Hooda latest news: শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৰণদীপ হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.