ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ নাম সাঙোৰ খাই পৰা পৰ্ণগ্ৰাফী গোচৰত আৰু চাৰিজনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 22, 2022, 10:21 PM IST

ৰাজ কুন্দ্ৰাৰ নাম সাঙোৰ খাই পৰা পৰ্ণগ্ৰাফী গোচৰত মুম্বাই আৰক্ষীয়ে আৰু চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (Raj Kundra pornography case) । উল্লেখ্য যে, ব্যৱসায়ী ৰাজ কুন্দ্ৰা বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী । গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত এজন কাষ্টিং ডাইৰেক্টৰো আছে (Mumbai police arrested four more) ।

FOUR MORE ACCUSED
ৰাজ কুন্দ্ৰাৰ নাম সাঙোৰ খাই পৰা পৰ্ণগ্ৰাফী গোচৰত আৰু চাৰিজনক গ্ৰেপ্তাৰ

চিটাৰা ডেস্ক, 22 ফ্ৰেব্ৰুৱাৰী : উদ্যোগপতি ৰাজ কুন্দ্ৰা সাঙোৰ খাই পৰা পৰ্ণগ্ৰাফী গোচৰত নতুনকৈ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে (Mumbai police arrested four more accused ) । তথ্য অনুসৰি, মুম্বাই অপৰাধ শাখাই নতুনকৈ গ্ৰেপ্তাৰ কৰিছে এই লোক চাৰিজনক । অপৰাধ শাখাই তথ্য লাভ কৰিছিল যে পৰ্ণগ্ৰাফী গোচৰৰ অভিযুক্ত নৰেশ কুমাৰ গোৱাত লুকাই আছিল । মুম্বাইৰ ভাৰ্ছোভাত তেওঁৰ উপস্থিতৰ তথ্য পাই আৰক্ষীয়ে জাল পেলাই মুম্বাইৰ ভাৰ্ছোভা অঞ্চলৰ পৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে (Raj Kundra pornography case) ।

মুম্বাই অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰা চাৰিজন লোকৰ ভিতৰত তিনিজনক বৰীবলী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ তথ্য অনুসৰি, চাৰিজন লোকৰ ভিতৰত এজন পেছাত কাষ্টিং ডাইৰেক্টৰ, বাকী তিনিজন তেওঁৰ সহযোগী (Casting director in pornography case) ।

অভিযুক্তসকলক নৰেশ কুমাৰ ৰামৱতাৰ পাল (২৯), চেলিম গুলাব চৈয়দ (৩০), আব্দুল গুলাব চৈয়দ (২৪) আৰু অমন সুভাষ বৰ্ণাৱাৰ (২২) বুলি চিনাক্ত কৰা হৈছে । অপৰাধ শাখাই কৈছে গোচৰটো পঞ্জীয়ন হোৱাৰ পিছৰে পৰা চাৰিজন অভিযুক্ত পলাতক অৱস্থাত আছিল । অভিযুক্তসকলৰ বিৰুদ্ধে মডেলক অশ্লীল চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে বাধ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বিগত বছৰৰ ডিচেম্বৰত, উচ্চতম ন্যায়ালয়ে ৰাজ কুন্দ্ৰাক অশ্লীল সমল প্ৰস্তুত আৰু প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে যোৱা বছৰৰ ২০ ছেপ্টেম্বৰত ৰাজ কুন্দ্ৰাক মুম্বাইৰ এখন আদালতে পৰ্ণগ্ৰাফীৰ গোচৰত ৫০,০০০ টকাৰ বণ্ডত জামিন প্ৰদান কৰিছিল ।

ৰাজক ১৯ জুলাইত আন ১১ জনৰ সৈতে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । কুন্দ্ৰাৰ বিৰুদ্ধে 'হটশ্বটছ' নামৰ গ্ৰাহক-পৰিচালিত মোবাইল এপ ব্যৱহাৰ কৰি অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু বিতৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । কুন্দ্ৰাই সকলো অভিযোগ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক: বিগ বিৰ সান্নিধ্যই মুহিছে প্ৰভাসক, খুৱালে ঘৰত ৰন্ধা ব্যঞ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.