চিটাৰা ডেস্ক, 9 নৱেম্বৰ : পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অভিনেত্ৰী পুনম পাণ্ডে(Poonam Pandey)ৰ স্বামী চেম বোম্বে(Sam Bombay) ৷ পুনমক আক্ৰমণ কৰাৰ অভিযোগত চেমক আটক কৰে মুম্বাই আৰক্ষী(Mumbai Polie)য়ে ৷ আৰক্ষীয়ে জনোৱা মতে, চেমৰ বিৰুদ্ধে থানাত অভিযোগনামা দাখিল কৰাৰ পাচতে হাস্পতালত ভৰ্তি কৰোৱা হয় পুনমক ৷
অভিযুক্ত চেমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ(IPC) ধাৰাৰ অধীনত গোচৰটো পঞ্জীয়নভুক্ত হয় ৷ স্বামী চেমৰ আক্ৰমণৰ ফলত মূৰ, চকু আৰু মুখত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পুনম ৷ এই ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এয়া প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও পুনমে স্বামী চেমৰ বিৰুদ্ধে আৰক্ষীৰ সহায় ল’বলগীয়া হৈছিল ৷ চেমৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ 12 দিন পাচতে দক্ষিণ গোৱাৰ কানাকোনা থানা(Canacona Police Station)ত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পুনমে ৷
কিয়নো সেই সময়ত দুয়ো মধুচন্দ্ৰিকাৰ বাবে গোৱালৈ গৈছিল ৷ এক ব্যক্তিগত বিবাদৰ বাবে ভয়ানক ভাবুকি দিয়া চেমে চৰিওৱাৰ উপৰিও পত্নী পুনমক নিৰ্যাতন চলাইছিল ৷ যাৰ পৰিণতিত আৰক্ষীৰ সহায় লৈছিল পুনমে ৷ 2020 চনৰ 1 ছেপ্তেম্বৰত চেম বোম্বেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল পুনম পাণ্ডেই ৷
লগতে পঢ়ক : দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ