ETV Bharat / sitara

পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

author img

By

Published : Jul 28, 2021, 10:32 AM IST

পৰ্ণ'গ্ৰাফী গোচৰ(Pornography case)ৰ তদন্তত সাঙোৰ খাইছে এগৰাকীৰ পাছত আন এগৰাকী অভিনেত্ৰীৰ নাম । ব্যৱসায়ী ৰাজ কুন্দ্ৰা(Raj Kundra)ক গ্ৰেপ্তাৰ কৰাৰ পাছত অশ্লীল ছবি নিৰ্মাণৰে জড়িত বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে । শেহতীয়াকৈ অভিনেত্ৰী গেহনা বশিষ্ঠসহ হটশ্বট এপৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ।

Police register FIR against 4 Hot Shots producers in pornography case
হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল

চিটাৰা ডেস্ক, ২৮ জুলাই : ‘হটশ্বট’ (Hotshot) এপৰ জৰিয়তে অশ্লীল ছবি প্ৰদৰ্শন কৰাৰ অভিযোগত নতুনকৈ এপটোৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ । অভিনেত্ৰী গেহনা বশিষ্ঠ (Gehana Vasisth) আৰু আন প্ৰযোজকসকলৰ বিৰুদ্ধে মালাদৰ মালৱানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । ইচ্ছাৰ বিৰুদ্ধে পৰ্ণ ভিডিঅ'ত অভিনয় কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী অভিনেত্ৰী তথা মডেলে । এই অভিয়োগৰ ভিত্তিতে গোচৰ ৰুজু কৰা হৈছিল ।

মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court) ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে, অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰদৰ্শনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক জৰুৰী সকাহ প্ৰদান কৰি আদালতে কোনো নিৰ্দেশ প্ৰদান কৰিব নোৱাৰে । কুন্দ্ৰাক ১৯ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছল । ৰাজ কুন্দ্ৰাৰ লগতে আন ১১ জন লোককো অশ্লীল ছবি নিৰ্মাণ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । তথ্য প্ৰযুক্তি আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে শিল্পা ছেট্টীৰ স্বামী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ।

লগতে পঢ়ক: ‘কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ ?’ ৰাজলৈ শিল্পাৰ প্ৰশ্ন

মুম্বাই আৰক্ষীয়ে আদালতক জনাইছিল যে, পৰ্ণ'গ্ৰাফীৰ জৰিয়তে উপাৰ্জন কৰা ধন অনলাইন বেটিঙত ব্যৱহাৰ কৰা হৈছিল বুলি তেওঁলোকে সন্দেহ কৰিছে । অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ ব্যৱহাৰ সন্দৰ্ভত যোৱা ফেব্ৰুৱাৰী মাহত অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছিল ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কুন্দ্ৰাৰ ভিয়ান ইণ্ডাষ্ট্ৰিজৰ চাৰিজন কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিব । মুঠতে তদন্ত প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ লগে লগে ন ন বিপদৰ সন্মুখীন হৈছে ৰাজ কুন্দ্ৰা । ইফালে, এতিয়াও ৰাজ কুন্দ্ৰাই নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে । আৰক্ষীয়ে ৰাজ কুন্দ্ৰাৰ পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টীকো জেৰা চলাইছে । অৱশ্যে শিল্পা এই ব্যৱসায়ৰে জড়িত থকাৰ কোনো তথ্য আৰক্ষীয়ে বৰ্তমানলৈকে লাভ কৰা নাই ।

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাই Bigg Boss ৰ প্ৰতিযোগীসকলক লক্ষ্য কৰি লৈছিল : সাগৰিকা সুমনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.