চিটাৰা ডেস্ক,১৩ মাৰ্চ: চাজিদ নাদিয়াদৱালা প্ৰযোজিত ছবি চাংকীত মুখ্য চৰিত্ৰত অভিনয় কৰিবৰ বাবে বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰাই চাজিদৰে আলোচনা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । ছবিখনত ইতিমধ্যে বৰুণ ধৱনে মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে ।
ইফালে, পৰিণীতি চোপ্ৰা অভিনীত দিবাকাৰ বেনাৰ্জীৰ সন্দীপ আৰু পিংকি ফাৰাৰ ছবি 'দ্যা গাৰ্ল অন দ্যা ট্ৰেইন' মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে । ইয়াৰোপৰি, পৰিণীতিয়ে পৰৱৰ্তী ছবিৰ দৃশ্যগ্ৰহণৰ বাবে লণ্ডনলৈ যাব বুলি জানিব পৰা গৈছে । তাৰ পাচত চোপ্ৰাই সন্দীপ ৰেড্ডী ভাংগাৰ 'এনিমা'ৰ বাবে প্ৰস্তুতি চলাব । ছবিখনত ৰণবীৰ কাপুৰৰ বিপৰীতে অভিনয় কৰিব পৰিণীতিয়ে ।
লগতে পঢ়ক: এতিয়াৰে পৰা Spotifyত ১২ টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত