চিটাৰা ডেস্ক,21 ডিচেম্বৰঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে দেশৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ ৷ বিৰ্তকিত আইনখন বাতিল কৰিবলৈ দাবী জনাই ৰাজপথলৈ ওলাই আহিছে দেশৰ সৰ্বস্তৰীয় লোক ৷ ওলাই আহিছে শিল্পী সমাজ ৷ বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে বিৰোধিতা কৰিছে এই বিৰ্তকিত আইনখনৰ ৷ এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছে জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰাই ৷
ইয়াৰ মাজতে বৰ্তমান এটা কথা খুবেই চৰ্চিত হৈছে যে, পৰিণীতিৰ এনে চৰকাৰ বিৰোধী মন্তব্যৰ বাবে হাৰিয়ানা চৰকাৰৰ 'বেটী বচাও , বেটী পঢ়াও ' অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ পদৰ পৰা অপসাৰিত কৰা হ'ল অভিনেত্ৰীগৰাকীক ৷ ইতিমধ্যে এই বাতৰি প্ৰকাশিত হৈছে বহু সংবাদ মাধ্যমত ৷
ইফালে, হাৰিয়ানা চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে জনোৱা মতে, এই অভিযানৰ বাবে পৰিণীতিৰ লগত যি চুক্তি হৈছিল, সেয়া 2017 চনৰ এপ্ৰিল মাহতে সমাপ্ত হৈছে ৷ লগতে তেওঁলোকে কয় যে , এনেধৰণৰ বাতৰি প্ৰকাশ কৰাৰ আগতে সত্যতা নিৰূপন কৰাটো খুবেই জৰুৰী ৷