চিটাৰা ডেস্ক,১০ মাৰ্চ: জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিলে মিউজিক ভিডিঅ' 'মৰজানেয়া'ৰ ফাৰ্ষ্ট লুক । চেলিব্ৰিটি দম্পতী ৰুবিনা ডিলাইক আৰু অভিনৱ শুক্লা অভিনীত মিউজিক ভিডিঅ'টো ১৮ মাৰ্চত মুক্তি লাভ কৰিব ।
ৰুবিনা আৰু অভিনৱ ইনষ্টাগ্ৰাম পোষ্টযোগে 'মৰজানেয়া'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে । মিউজিক ভিডিঅ'টোৰ ফাৰ্ষ্ট লুকত অভিনৱক প্ৰিণ্টেড নীলা ৰঙৰ ছাৰ্ট আৰু ক্ৰীম ৰঙৰ ছৰ্টছ পৰিধান কৰা দেখা গৈছে । আনহাতে, কমলা ৰঙৰ পোছাক পৰিহিত ৰুবিনাৰ সৌন্দৰ্যই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে । বুধবাৰে 'মৰজানেয়া'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি নেহা কক্কৰে লিখিছে যে, মহিলাসকলে এই মিউজিক ভিডিঅ'টো খুব ভাল পাব ।
লগতে মিউজিক ভিডিঅ'টোত অভিনয় কৰিবলৈ পাই অতি আনন্দিত বুলি ইনষ্টাগ্ৰাম পোষ্টযোগে প্ৰকাশ কৰে ৰুবিনা আৰু অভিনৱে । শেহতীয়াকৈ ৰুবিনা আৰু অভিনৱক বিগ বছ-১৪ ত একেলগে দেখা গৈছিল আৰু ৰুবিনা ডিলাইকে চলিত বৰ্ষত বিগ বছৰ বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ।