ETV Bharat / sitara

বলীউডত গান গোৱাৰ বাবে পইচা নাপায় নেহা কক্কৰে - বলীউডত গান গোৱাৰ বাবে পইচা নাপায় নেহা কক্কৰে

শেহতীয়াকৈ পোহৰলৈ আহিছে বলীউডৰ জনপ্ৰিয় নেপথ্য কন্ঠশিল্পী নেহা কক্কৰৰ এটা গুপুত কথা ৷ বলীউডৰ নেপথ্য গায়িকা নেহা কক্কৰে বলীউডত গান গোৱাৰ বাবে বৰঙণি নাপায় ৷ তাৰ সলনি সংগীত অনুষ্ঠান তথা বিভিন্ন শ্ব' সমূহৰ পৰাহে টকা অৰ্জন কৰে জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে ৷

Neha Kakkar: Don't get paid for singing in B'wood
বলীউডত গান গোৱাৰ বাবে পইচা নাপায় নেহা কক্কৰে
author img

By

Published : Apr 10, 2020, 1:32 PM IST

চিটাৰা ডেস্ক,10 এপ্ৰিলঃ বলীউডত এক সুকীয়া পৰিচয় তথা নাম গঢ়িবলৈ সক্ষম হৈছে জনপ্ৰিয় কন্ঠশিল্পী নেহা কক্কৰে ৷ বলীউডত এটাৰ পিছত এটা হিট গীত দিবলৈ সক্ষম হৈছে কন্ঠশিল্পীগৰাকী ৷ নেহা কক্কৰৰ গৰ্মী, আঁখ মাৰে, অ' চাকি, দিলবৰ আৰু কালা চশমাৰ দৰে বহু জনপ্ৰিয় গীত এতিয়া মানুহৰ মুখে মুখে ৷

Neha Kakkar
বলীউডৰ জনপ্ৰিয় নেপথ্য কন্ঠশিল্পী নেহা কক্কৰ

কিন্তু এটা কথা জানি আপুনি আচৰিত হ'ব যে, তেওঁ বলীউড ইণ্ডাষ্ট্ৰীত নেপথ্য কন্ঠ দিয়াৰ বাবে বৰঙণি নাপায় ৷ নেহাই শেহতীয়াকৈ জনাই যে, " বলীউডত গান গোৱাৰ বাবে আমি বৰঙণি নাপাওঁ, কাৰণ নিৰ্মাতাই ভাবে ,আমি যদি এটা চুপাৰহিট গান গাই দিওঁ তেতিয়া নিজৰ শ্ব'বোৰৰ মাধ্যমৰ পৰাই টকা অৰ্জন কৰিব পাৰিম ৷ "

31 বছৰীয়া কন্ঠশিল্পী গৰাকীয়ে লগতে কয় যে," মই লাইভ কনচাৰ্ট আৰু বাকী অনুষ্ঠানৰ পৰা যথেষ্ট ভাল টকা পাওঁ ৷ কিন্তু বলীউডত তেনেকুৱা নহয় ৷ বলীউডত গান গোৱাৰ বিনিময়ত টকা লাভ নকৰোঁ ৷ "

নেহা কক্কৰৰ কামৰ কথালৈ গ'লে , তেওঁৰ আগন্তুক প্ৰজেক্ট য়' য়' হানী সিঙৰ সৈতে ৷ ৰেপাৰ হানী সিঙৰ সৈতে , মস্ক' চুকা নামৰ গীতৰ কামত ব্যস্ত কন্ঠশিল্পীগৰাকী ৷ তেওঁলোকৰ এই গীতটো পাঞ্জাৱী আৰু ৰাছিয়ান ভাষাৰ মিশ্ৰিত ৰূপ হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷

লগতে পঢ়কঃলক ডাউনঃ এইবাৰ ৰঙালীয়ে ৰং সানিব নোৱাৰে শিল্পীৰ জীৱনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.