ETV Bharat / sitara

Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক ! - বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

সমগ্ৰ দেশ জোকাৰি যোৱা মুম্বাইৰ ক্ৰুজৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাৰ আঁৰত প্ৰভাৱশালী ৰাজনৈতিক নেতা জড়িত আছে নেকি ? খোদ মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীয়ে দাবী কৰিছে যে এই ঘটনাৰ আঁৰত ৰাষ্ট্ৰীয় দলৰ এগৰাকী নেতাৰ আত্মীয় জড়িত আছে । আনহাতে তেওঁৰ অভিযোগ এই ঘটনা পূৰ্ব পৰিকল্পিত এক ষড়যন্ত্ৰ । কোনে কৰিলে এই অভিযোগ ?

Drugs on Cruise
Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক
author img

By

Published : Oct 9, 2021, 4:40 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ (Drugs on Cruise) ঘটনাই লৈছে নতুন মোৰ । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে দাবী কৰা মতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' চমুকৈ এনচিবিয়ে এই ঘটনাৰ লগত জড়িত বিজেপি নেতাৰ আত্মীয়ক মুকলি কৰি দিছে । ঘটনা সংক্ৰান্তত আটক হোৱা বিজেপি নেতাৰ আত্মীয়সহ তিনিজনক এনচিবিয়ে মুকলি কৰি দিয়াৰ অভিযোগ তুলিছে দলটোৱে । লগতে এই ঘটনা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি দাবী কৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে ।

সংবাদ মাধ্যমক সম্বোধন কৰি এনচিপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মহাৰাষ্ট্ৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী নৱাব মালিকে কয় যে জাহাজখনত অভিযান চলোৱাৰ পাছত মুঠ ১১ জন লোকক আটক কৰা হৈছিল । যিসকলৰ ভিতৰত আছে বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানো । তেওঁৰ মতে প্ৰথমে ১১ জন লোকক আটক কৰা হৈছিল আৰু পুৱালৈ মুম্বাই আৰক্ষীৰ হাতত সকলো তথ্য আছিল । কিন্তু পৰৱৰ্তী সময়ত বাতৰি অনুসৰি ৮ গৰাকী লোককহে গ্ৰেপ্তাৰ কৰা হয় আৰু বাকী ৩ জনক মুকলি কৰি দিয়া হয় ।

মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে ঋষভ সচদেৱা, প্ৰতীক গাবা আৰু আমিৰ ফাৰ্নিচাৰৱালা নামৰ তিনিজনক মুকলি কৰি দিয়া হৈছিল । তেওঁ লগতে কয় যে এই তিনিজনৰ ভিতৰৰ ঋষভ সচদেৱা মোহিত কামোজৰ খুলশালি ।

তেওঁলোকক দুঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া হৈছিল । যেতিয়া তেওঁক মুকলি কৰা হৈছিল তেতিয়া পিতৃও তেওঁৰ সৈতে আছিল । আনহাতে শুনানিৰ সময়ত তেওঁৰ নাম আদালতত উল্লেখ কৰা হৈছিল ।

১,৩০০ গৰাকী লোক থকা জাহাজ খনত ১২ ঘণ্টা ধৰি তালাচী চলোৱা হৈছিল । কিন্তু তাৰ ভিতৰত মাত্ৰ ১১ জন লোককহে কিয় গ্ৰেপ্তাৰ কৰা হ'ল বুলিও প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । সকলোকে এনচিবিৰ কাৰ্যালয়লৈ অনা হৈছিল; কিন্তু সেই তিনিজনক মুকলি কৰিবলৈ এনচিবিক কোনে নিৰ্দেশ দিছিল বুলিও পুনৰ প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী নৱাব মালিকে দাবী কৰা মতে, এনচিবিৰ সঞ্চালক সমীৰ ৱানখেডে এই সম্পৰ্কত উত্তৰ দিব লাগে । তিনিওজনকে কিয় কাৰ্যালয়লৈ অনা হৈছিল আৰু কিয় মুকলি কৰি দিয়া হৈছে তাৰো স্পষ্টীকৰণ বিচাৰিছে মন্ত্ৰীগৰাকীয়ে । ইফালে এনচিবিৰ সঞ্চালক সমীৰ ৱানখেডেৰ ফোন কলৰ ৰেকৰ্ডিং পৰীক্ষা কৰিবলৈও দাবী জনালে মন্ত্ৰীগৰাকীয়ে ।

সঞ্চালকগৰাকীয়ে দিল্লী আৰু মহাৰাষ্ট্ৰত বিজেপি নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিছে বুলিও অভিযোগ তুলিছে নেতাগৰাকীয়ে । আনহাতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে মহাৰাষ্ট্ৰৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নৱাব মালিকে ।

লগতে পঢ়ক :অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.