ETV Bharat / sitara

সুশান্ত ৰাজপুত গোচৰ : এনচিবিয়ে গ্ৰেপ্তাৰ কৰিলে চৌৱিক চক্ৰৱৰ্তীক

author img

By

Published : Sep 5, 2020, 2:54 AM IST

সুশান্ত সিং ৰাজপুত গোচৰত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌৱিক চক্ৰৱৰ্তীক ৷

NCB arrests Showik Chakraborty and Samuel Miranda under NDPS Act
এনচিবিয়ে গ্ৰেপ্তাৰ কৰিলে চৌৱিক চক্ৰৱৰ্তীক

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ : অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাত নতুন মোৰ ৷ দেশৰ নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌৱিক চক্ৰৱৰ্তীক ৷ এনচিবিয়ে চৌৱিক চক্ৰৱৰ্তীৰ লগতে চেমুৱেল মিৰান্দাক এনডিপিএচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ পূৰ্বে কেইবাঘন্টা ধৰিও জেৰা চলোৱা হৈছিল চৌৱিক চক্ৰৱৰ্তীক ৷ 5 ছেপ্টেম্বৰত চৌৱিকক আদালতত হাজিৰ কৰিব বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰৰ পূৰ্বে নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৰ এটা দলে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ সহযোগী চেমুৱেলৰ ঘৰত এনডিপিএচ আইনৰ অধীনত তালাচী চলাইছিল ৷ একেটা গোচৰতে এনচিবিয়ে জাইদ ভিলাট্ৰা আৰু আব্দেল বাচিত নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷

বৃহস্পতিবাৰে আদালতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত এটি গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত নিচাজাতীয় দ্ৰব্য ব্যৱসায়ী জাইদ ভিলাট্ৰাক 2 ছেপ্টেম্বৰ পৰ্যন্ত এনচিবিৰ জিম্মাত প্ৰেৰণ কৰিছিল ৷ এনচিবিয়ে আব্বাচ লাখানীৰ সৈতে থকা সমন্ধৰ তথ্য ফাদিল কৰাৰ পাচতে ভিলাট্ৰাক গ্ৰেপ্তাৰ কৰে ৷ এনচিবিয়ে ইডিৰ অফিচিয়েল যোগাযোগৰ পাচত তদন্ত আৰম্ভ কৰিছিল ৷ য'ত সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত নিচাজাতীয় দ্ৰব্য সেৱন, সংগ্ৰহ, ব্যৱহাৰ আৰু পৰিবহণ সম্পৰ্কে ভিন্ন সম্পৰ্ক জড়িত হৈ আছিল ৷

প্ৰয়াত অভিনেতা গৰাকীৰ পিতৃ কে.কে সিঙে বিহাৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে প্ৰথমটো তথ্য প্ৰতিবেদন দাখিল কৰাৰ পাচত ইডিয়ে অভিনেতা গৰাকীৰ মৃত্যু সম্পৰ্কত এটা এনফ'ৰ্চমেণ্ট কেচ সংক্ৰান্তীয় তথ্য প্ৰতিবেদন নথিভুক্ত কৰে ৷

লগতে পঢ়ক : ৰিয়া চক্ৰৱৰ্তীৰ সহযোগী চেমুৱেল মিৰাণ্ডাক আটক NCB ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.