ETV Bharat / sitara

নগ্ন ফটো শ্বেয়াৰ কৰি ৰোষত পৰিল মিলিণ্ড চোমন

author img

By

Published : Nov 7, 2020, 5:01 PM IST

মিলিণ্ড চোমনৰ গোৱাৰ সাগৰৰ পাৰত আৱদ্ধ কৰা নগ্ন ফটো শ্বেয়াৰক লৈ মডেল গৰাকীৰ বিৰুদ্ধে গোৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰে গোৱা সুৰক্ষা মঞ্চই ৷ মিলিণ্ডে সাৰ্বজনিক স্থানত অশালীনতাক দেখুওৱাৰ লগতে গোৱাক ভুল ছবিৰে উপস্থাপন কৰা বুলি অভিযোগ উত্থাপন সুৰক্ষা মঞ্চৰ ৷

Model Milind Soman booked for 'nude run' on Goa beach
নগ্ন ফটো শ্বেয়াৰ কৰি ৰোষত পৰিল মিলিণ্ড চোমন

চিটাৰা ডেস্ক, 7 নৱেম্বৰ : শেহতীয়াকৈ মডেল মিলিণ্ড চোমনে তেওঁৰ জন্মদিনৰ দিনা গোৱাৰ সাগৰৰ পাৰত আৱদ্ধ কৰা এখন নগ্ন ফটো শ্বেয়াৰ কৰাৰ পাচতে গোৱা আৰক্ষী থানাত মডেল গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয় ৷ মিলিণ্ডে অশালীনতা বিয়পোৱা বুলি অভিযোগ তুলি এই গোচৰ ৰুজু কৰা বুলি শনিবাৰে আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ৷

উল্লেখ্য় যে,শুকুৰবাৰে গোৱাৰ এক ৰাজনৈতিক সংগঠন গোৱা সুৰক্ষা মঞ্চ (GSM)য়ে মিলিণ্ড চোমনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

দক্ষিণ গোৱাৰ আৰক্ষী অধীক্ষক পংকজ কুমাৰ সিঙে সদৰি কৰা মতে,‘‘ভাৰতীয় দণ্ডবিধি আইনৰ 294 আৰু 67 নং ধাৰাৰ ভিত্তিত গোৱা সুৰক্ষা মঞ্চই চোমনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে’’ ৷

মডেল মিলিণ্ডে ৰাজহুৱা স্থানত অশালীনতাক দেখুওৱাৰ লগতে গোৱাক ভুল ছবিৰে উপস্থাপন কৰিছে ৷ মিলিণ্ডৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন কৰে GSMয়ে ৷

লগতে পঢ়ক : অনুস্কাই পোষ্ট কৰিলে বিৰাটৰ জন্মদিনৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.