চিটাৰা ডেস্ক,28 এপ্ৰিল: বলীউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাতৰি বিয়পি পৰাৰ পাচতে মঙলবাৰে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰে পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়ে ৷ শেহতীয়া পৰীক্ষাত অভিনেতাগৰাকীৰ দেহত ক’ভিডৰ ফলাফল নিগেটিভ পোৱাৰ লগতে তেওঁ সুস্থ বুলি জানিবলৈ দিয়ে অভিনেতাগৰাকীৰ পুত্ৰই ৷ মিথুন চক্ৰৱৰ্তীয়ে পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ কথা সদৰী কৰে মিমোহে ৷
উল্লেখ্য যে, মঙলবাৰে অভিনেতাগৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি ভাইৰেল হোৱাৰ পাচতে পুত্ৰ মিমোহে এখন আগশাৰীৰ বাতৰি কাকত যোগে এই তথ্য সদৰী কৰে ৷ ইয়াৰোপৰি মিমোহে সকলোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : বলীউডৰ পৰৱৰ্তী ছবিৰ বাবে সাজু ৰশ্মিকা মন্দনা