ETV Bharat / sitara

KRK ৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিলে মনোজ বাজপেয়ীয়ে

কমাল ৰাছিদ খানৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে অভিনেতা মনোজ বাজপেয়ী ৷ KRK এ বাজপেয়ীক উদ্দেশ্যি কৰা এটা টুইটৰ বাবে KRK ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে অভিনেতাগৰাকীয়ে ৷

author img

By

Published : Aug 25, 2021, 9:14 AM IST

Manoj Bajpayee files criminal defamation plea against actor Kamaal Khan
KRKৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিলে মনোজ বাজপেয়ীয়ে

চিটাৰা ডেস্ক, 25 আগষ্ট : কমাল ৰাছিদ খান ওৰফে KRK ৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিছে অভিনেতা মনোজ বাজপেয়ীয়ে ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে কমাল ৰাছিদ খানে টুইটযোগে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে বাজপেয়ীৰ অধিবক্তাই ৷

বাজপেয়ীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 500 নং ধাৰাৰ অধীনত ন্যায়িক দণ্ডাধীশৰ ওচৰত এই গোচৰটি ৰুজু কৰিছে ৷ ইতিমধ্যে KRK ৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ পঞ্জীয়নৰ বাবে ন্যায়িক দণ্ডাধীশক আবেদন কৰা বুলি সংবাদমেলযোগে সদৰী কৰিছে অভিনেতাগৰাকীৰ অধিবক্তা পৰেশ এছ যোশীয়ে ৷

কমাল ৰাছিদ খানে যোৱা 26 জুলাইত 52 বৰ্ষীয় অভিনেতাগৰাকীৰ বিৰুদ্ধে এটা টুইট কৰিছিল ৷ টুইটটোৰ দ্বাৰা মনোজ বাজপেয়ীক তেওঁৰ অনুৰাগীসকলৰ আগত হেয় প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টা কৰা হৈছে বুলি দাবী কৰে অধিবক্তাগৰাকীয়ে ৷ এই সন্দৰ্ভত ভাষ্য প্ৰদান কৰিবলৈ মনোজ বাজপেয়ী আদালতত উপস্থিত হয় ৷

লগতে পঢ়ক : Happy Birthday ডেইজী শ্বাহ : ডোম্বিৱলীৰ পৰা বলীউডলৈ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.