চিটাৰা ডেস্ক, ১ জানুৱাৰী: দূৰে দূৰে থাকিও একেখন ফটোকে শ্বেয়াৰ কৰি অনুৰাগী আৰু বন্ধু-বান্ধৱীক নৱবৰ্ষৰ শুভেচ্ছা জনালে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাই । দৰাচলতে এইবাৰ নতুন বছৰৰ আগমণৰ সময়ত অৰ্জুন কাপুৰ মালাইকাৰ কাষত নাই । কেইদিনমান পূৰ্বে অভিনেতাজন পুনৰ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ২০২০ চনৰ ছেপ্টেম্বৰ মাহতো তেওঁ মহামাৰীত আক্ৰান্ত হৈছিল ।
এতিয়া পুনৰ ক'ভিড-১৯ৰ কবলত পৰাৰ বাবে তেওঁ কোৱাৰেণ্টাইনত আছে । সেয়ে, এইবাৰ মালাইকাৰ সৈতে নতুন বছৰটোৰ আগমণৰ আনন্দ একেলগে উদযাপন কৰিব নোৱাৰিলে অৰ্জুনে । শনিবাৰে দুয়োজনে ইনষ্টাগ্ৰাম পোষ্টযোগে পাউটৰ প'জ থকা ফটো শ্বেয়াৰ কৰে আৰু সকলোকে শুভকামনা জনায়(Arjun Kapoor-Malaika arora's new year post) । অৰ্জুনে ফটোখন শ্বেয়াৰ কৰি "pouty 2022" বুলি উল্লেখ কৰি শুভেচ্ছা জনায় ।
- " class="align-text-top noRightClick twitterSection" data="
">
মালাইকায়ো একেখন ফটো শ্বেয়াৰ কৰি তেওঁৰ "Mr Pouty" অৰ্থাৎ অৰ্জুন কাপুৰলৈ মনত পৰিছে বুলি উল্লেখ কৰে(Malaika arora misses Arjun Kapoor) । লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনায় ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, অৰ্জুন আৰু মালাইকা দীৰ্ঘদিন ধৰি সম্পৰ্কত আছে । অৱশ্যে, ২০১৯ চনত অৰ্জুনৰ ৩৪ সংখ্যক জন্মদিনতহে দুয়োয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ইনষ্টাগ্ৰামযোগে ৰাজহুৱা কৰিছিল । অৰ্জুন বৰ্তমান "এক ভিলেইন ৰিটাৰ্ণছ", "কুট্টে" আৰু "দ্য লেডী কিলাৰ"ৰ কামত ব্যস্ত হৈ আছে ।
লগতে পঢ়ক:Shilpa Shirodkar tested Corona Positive : কৰ’ণাত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ