ETV Bharat / sitara

ৱেব চিৰিজ 'Finding Anamika'ত মাধুৰী দীক্ষিত

author img

By

Published : Mar 4, 2021, 11:13 AM IST

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতক নেটফ্লিক্সৰ ৱেব চিৰিজ 'Finding Anamika' অৰ্থাৎ 'অনামিকাৰ সন্ধান'ত দেখিবলৈ পাব অনুৰাগীসকলে । বুধবাৰে ছবিখনত অভিনয় কৰা এক ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল মাধুৰীয়ে । ৫৩ বছৰীয়া মাধুৰী দীক্ষিতে শ্বেয়াৰ কৰা ফটোখনত এক গ্লেমাৰাছ লুক দেখিবলৈ পোৱা গৈছিল ।

মাধুৰী দীক্ষিত
মাধুৰী দীক্ষিত

চিটাৰা ডেস্ক,৪ মাৰ্চ: ষ্ট্ৰিমিং প্লেটফ’ৰ্ম নেটফ্লিক্সে বুধবাৰে চলিত বৰ্ষত ৪০ তকৈও অধিক নতুন ৱেব চিৰিজ আৰু ছবিৰ বিষয়ে ঘোষণা কৰে । এই ৱেব চিৰিজ আৰু ছবিত বলীউডৰ বহু নামী-দামী তথা চিনাকী মুখ দেখিবলৈ পাব অনুৰাগীসকলে । শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতক নেটফ্লিক্সৰ ৱেব চিৰিজ 'Finding Anamika' অৰ্থাৎ 'অনামিকাৰ সন্ধান'ত দেখিবলৈ পাব অনুৰাগীসকলে । বুধবাৰে ছবিখনত অভিনয় কৰা এক ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ৫৩ বছৰীয়া মাধুৰী দীক্ষিতে শ্বেয়াৰ কৰা ফটোখনত এক গ্লেমাৰাছ লুক দেখিবলৈ পোৱা গৈছিল ।

'Finding Anamika' অৰ্থাৎ 'অনামিকাৰ সন্ধানত' এখন পাৰিবাৰিকধৰ্মী নাটক । ছবিখনত অভিনয় কৰিবলৈ পাই যথেষ্ঠ সুখী অনুভৱ কৰে মাধুৰীয়ে । মাধুৰীয়ে ছবি নিৰ্মাতা কৰণ জোহৰকে ধৰি ছবিখনৰ সমূহ কৰ্মকৰ্তাক ধন্য়বাদ জ্ঞাপন কৰে । ছবিখন নিৰ্মাণ কৰিছে কৰণ জোহৰ, অপূৰ্ব মেহতা, চ'মেন মিশ্ৰাই । সঞ্জয় কাপুৰ, মানৱ কৌল, লক্ষ্মণবীৰ সৰণ, সুহাসিনী মুলি আৰু মুস্কান জাফেৰীৰ লগতে মাধুৰী দীক্ষিত অভিনীত ছবিখন কৰিশ্মা কোহলী, বেজয় নাম্বিয়াৰে পৰিচালনা কৰিছে ।

লগতে পঢ়ক: ছবিগৃহত চিনেমাৰ প্ৰদৰ্শনীয়ে উৎসুকতা উভতাই আনিব: গুলশন গ্ৰোভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.