ETV Bharat / sitara

লাইফ বিঅ'ণ্ড ৰিলঃ ক্ৰান্তিকাৰী এম.জি.আৰ

ই টি ভি ভাৰত চিটাৰাৰ লাইফ বিঅ'ণ্ড ৰিল চিৰিজৰ অংশ হিচাপে আজিৰ পৰ্দাৰ আঁৰৰ সমল ব্যক্তিগৰাকী হৈছে এম.জি.আৰ ৷ এই চিৰিজৰ ভিতৰত এনেকুৱা অভিনেতা-অভিনেত্ৰী অন্তৰ্ভুক্ত হ'ব যি অভিনয় জগতৰ বাহিৰেও জিলিকি ৰৈছে অন্যক্ষেত্ৰত ৷

Life Beyond Reel: The 'revolutionary' MGR
ক্ৰান্তিকাৰী এম.জি .আৰ
author img

By

Published : Dec 4, 2019, 7:09 PM IST

চিটাৰা ডেস্ক,4 নৱেম্বৰঃ আজি আমি তামিল চুপাৰষ্টাৰ এম.জি .আৰৰ বিষয়ে আলোচনা কৰিম ৷ তেওঁৰ অভিনয় কেৰিয়াৰ যথেষ্ট সুদূৰপ্ৰয়াসী নাছিল যদিও ৰাজনৈতিক ক্ষেত্ৰত উজ্জ্বল ভোটাতৰাৰ দৰে জিলিকি ৰ'বলৈ সক্ষম হৈছিল ৷ ছবিজগত এৰাৰ পৰৱৰ্তী সময়ছোৱাত এম.জি.আৰে শক্তিশালী ব্যক্তিত্বৰ বাবে সংবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল ৷

Life Beyond Reel: The 'revolutionary' MGR
ক্ৰান্তিকাৰী এম.জি .আৰ

এসাগৰ যেন মানুহে কান্দিছিল, অস্বাভাৱিক ভিৰ সৃষ্টি হৈছিল যেতিয়া তামিলনাডুৰ ৰাস্তাৰে এম.জি.আৰৰ মৃতদেহ সৎকাৰৰ বাবে লৈ যোৱা হৈছিল ৷ এম.জি.আৰৰ সম্পূৰ্ণ নাম আছিল মাৰুথুৰ গোপালা ৰামচন্দ্ৰন ৷ ভিৰৰ মাজতে এগৰাকীয়ে যুৱতীয়ে চিৎকাৰ কৰিছিলঃ "থালইবা, নি চলামাই পয়টায়ে" মানে, "হে নেতা,আপুনি আমাক একো নজনোৱাকৈ এনেকৈ এৰি যাব নোৱাৰে ৷" কেৱল সেয়াই নহয় মৃত নেতাগৰাকীৰ শটো এবাৰ চাবলৈ ভিৰ ফালি ফালি দৌৰি আহিছিল বহু ব্যক্তি ৷ সকলোৰে চকুত মাথো বিষাদৰ চকুলো ৷ সেই সময়ত যেন তামিলনাডুবাসীৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ'ল ৷ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজনৈতিক দলৰ প্ৰতিজন সদস্যই ৷ এগৰাকী ৰাজনৈতিক নেতা হিচাপে তেওঁ যি সেৱা আগবঢ়ালে সেয়া পাহৰিব পৰা নাই সাধাৰণ ৰাইজে ৷ লাহে লাহে মানুহৰ চকুত ৰজা যেন হৈ পৰিছিল এম.জি.আৰ ৷

তেওঁ এনে এগৰাকী অভিনেতা আছিল, যি চিনেমাৰ পৰা আঁতৰি ৰাজনৈতিক জীৱনত বিশেষ সফলতা অৰ্জন কৰাৰ এক ট্ৰেণ্ড সৃষ্টি কৰি গৈছে ৷ তামিল চিনেমাৰ প্ৰভাৱশালী অভিনেতা, যি চিনেমা জগত এৰাৰ পিছত মুখ্যমন্ত্ৰীৰ সিংহাসন অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ এটা দশকজুৰি ৰাইজৰ হকে কাম কৰি গৈছে ৷ এম.জি.আৰে নিজৰ জীৱনকালত সদায়েই সমাজসেৱী আৰু মানৱতাবাদী মনোভাৱেৰে জীয়াই আছিল ৷ এসময়ত চিনেমাঘৰলৈ বৃহৎ হাৰত ভিৰ কঢ়িয়াবলৈ সক্ষম হৈছিল এম.জি.আৰে ৷ ক্ৰমান্বয়ে চিনেমা জগতত উন্নতি কৰা এম.জি.আৰে ক্ৰমে অভিনেতা, প্ৰযোজক আৰু পৰিচালক হ'বলৈও সক্ষম হৈছিল ৷ চন 1972ত, তেওঁ ৰিক্সাকৰণ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা শিতানত ৰাষ্ট্ৰীয় বঁটা পাবলৈও সক্ষম হৈছিল ৷ ৰজনীকান্তেও এম.জি.আৰক প্ৰশংসা কৰি কৈছিল, "কোনোবা হওঁ বুলিলেই এম.জি.আৰ হ'ব নোৱাৰে, এম.জি.আৰ এগৰাকী ক্ৰান্তিবাদী ৷ 1000 টা বছৰত দ্বিতীয়জন এম.জি.আৰ সৃষ্টি হ'ব নোৱাৰে যদি কোনোবাই নিজকে আগন্তুক এম.জি.আৰ বুলি ক'ব বিচাৰে তেন্তে তেওঁ পাগলৰ বাদে অন্য একো নহয় ৷"

লগতে পঢ়কঃএইবাৰ ডাঙৰ পৰ্দাত ভাৰতৰ আইনষ্টাইন

Intro:Body:

LIFE BEYOND REEL _ MGR

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.