চিটাৰা ডেস্ক, 9 মাৰ্চ : ভাৰতীয় সংগীতৰ ভোটাতৰা লতা মাংগেশকাৰৰ অস্থি বিসৰ্জনৰ বাবে বাৰাণসী পালেগৈ পৰিয়ালবৰ্গ ৷ ভগ্নী উষা মাংগেশকাৰৰ সৈতে পৰিয়ালে পৱিত্ৰ গংগা নদীত বিসৰ্জন কৰিলে মহান শিল্পীগৰাকীৰ অস্থি (Lata Mangeshkar's ashes immersed in Ganga) ৷
বাৰাণসীৰ খিড়কিয়া ঘাটৰ পৰা নাঁৱেৰে অহ্লিয়াবাই ঘাটলৈ যাত্ৰা কৰে পৰিয়ালে ৷ এই ঘাটতে পুৰোহিত শ্ৰীকান্ত পাঠকে বিধি পাঠ কৰি বৈদিক অনুষ্ঠান সম্পন্ন কৰাৰ পিছত গংগাত উটুৱাই দিয়া হয় লতাজীৰ অস্থি ৷
6 ফেব্ৰুৱাৰীত মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল লতা মাংগেশকাৰে ৷ ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পিছত বহু সময় ধৰি চিকিৎসা চলি আছিল তেওঁৰ ৷ অৱশেষত ফেব্ৰুৱাৰীৰ 6 তাৰিখে নিয়তিৰ ওচৰত হাৰ মানিলে 'লতাদি'য়ে ৷
ইয়াৰ পূৰ্বে 10 ফেব্ৰুৱাৰীত নাসিকত গোদাবৰী নদীৰ ৰামকুণ্ডতো তেওঁৰ অস্থি বিসৰ্জন কৰা হৈছিল ( Lata Mangeshkar ashes immersed) ৷ পৰিয়ালবৰ্গৰ উপস্থিতিতে এই কাৰ্য সম্পন্ন কৰা হৈছিল ৷ মৃত্যুৰ সময়ত 'লতাদি'ৰ বয়স আছিল 92 বছৰ ৷ ক’ভিড মহামাৰীৰ পিছৰ জটিলতাত পৰলোকগামী হয় মহান শিল্পী গৰাকী ৷
লগতে পঢ়ক: Ranbir Sraddha first film : ৰণবীৰ-শ্ৰদ্ধাৰ প্ৰথম ছবিৰ শ্বুটিং আৰম্ভ